Local, Vocal, Global

বিহাৰৰ গৌৰৱ-সতীশ-সুৰজৰ পৰা কামাখ্যা ষ্টেচনত জব্দ ৯০ কেজি গাঞ্জা

নিউজ ডেস্ক: ৰাজ্যত আজিও অব্যাহত আছে গাঞ্জাৰ সৰবৰাহ৷ ৰেলযোগে সৰবৰাহ হয় গাঞ্জা৷ তাৰ মাজতে আজি মহানগৰীৰ কামাখ্যা ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে নিৰাপত্তাৰক্ষীয়ে। কামাখ্যা ৰে’ল ষ্টেচনৰ ৪নং প্লেটফৰ্মৰ পৰা ১৮ টাকৈ গাঞ্জাৰ পেকেট জব্দ কৰি হৈছে আৰি জব্দকৃত গাঞ্জাখিনি প্ৰায় ৯০ কেজি বুলি জানিব পৰা গৈছে৷ কামাখ্যাৰ দায়িত্বত থকা GRP, RPF-এ বিহাৰৰ গৌৰৱ কুমাৰ, সত্তীশ কুমাৰ আৰু সুৰজ কুমাৰৰ পৰা গাঞ্জাখিনি জব্দ কৰে।