9 killed as SUV hits bike, truck in Bihar : স্কৰপিঅ’ বাহনৰ প্ৰথমে বাইকত খুন্দা, তাৰ পিছত ট্ৰাকৰ সৈতে ভয়ংকৰ সংঘৰ্ষ; থিতাতে নিহত ৯জনকৈ লোক
নেশ্যনেল ডেস্ক, ২৬ ফেব্ৰুৱাৰী : এক মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত ৯জনকৈ লোক(9 killed as SUV hits bike, truck in Bihar) ।
বিহাৰৰ কেইমুৰ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বিহাৰৰ কেইমুৰ জিলাৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথেৰে ছাছাৰামৰ ফালৰ পৰা বাৰাণসীৰ দিশে গৈ আছিল দ্ৰুতবেগী স্কৰপিঅ’ বাহন এখন।তীব্ৰবেগী স্কৰপিঅ’ বাহনখনে প্ৰথমে নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইকক খুন্দা মাৰে ফলত বাইকখন ডিভাইডাৰ পাৰ হৈ আনটো লেনলৈ চিটিকি যায়। তাৰ পিছতে স্কৰপিঅ’ বাহনখনে পথৰ আনফালে গৈ খুন্দা মাৰে এখন ট্ৰাকত(9 dead in car-truck-motorcyle collision in Bihar’s Kaimur)।
ফলত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাৰ ফলত স্কৰপিঅ’খনত থকা ৮জন লোক আৰু বাইক আৰোহীজন থিতাতে নিহত হয়। মৃতসকলৰ ভিতৰত মহিলাও আছে বুলি জানিব পৰা গৈছে।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত স্কৰপিঅ’ৰ ভিতৰত আবদ্ধ সকলো লোকক উদ্ধাৰ কৰা হয়। মৃত লোকসকলক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে হাস্পতাললৈ প্ৰেৰণ কৰা হয়। আনহাতে, এন এইচ এ আইৰ দলে ক্ষতিগ্ৰস্ত বাহন পথৰ পৰা আঁতৰাই যাতায়াত আৰম্ভ কৰে(9 Dead In Freak Road Crash As Truck, Jeep, Bike Collide In Bihar’s Kaimur)।