Local, Vocal, Global

9.3 lakh people in Assam to get their Aadhar cards : আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা,NRCৰ সময়ত বায়’মেট্ৰিকছ কৰি থোৱা সকলে লাভ কৰিব আধাৰ কাৰ্ড

নিউজ ডেস্ক,২৮আগষ্ট : আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা । আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ থকা লোকসকলৰ বাবে ভাল খবৰ। শীঘ্ৰেই সকলোৱে লাভ কৰিব আধাৰ কাৰ্ড।

আধাৰ কাৰ্ডৰ পৰা বঞ্চিত হৈ আছিল ৯ লাখ ৩৫ হাজাৰ ৬৮২ গৰাকী লোক । এতিয়া ৯,৩৫,৬৮২ গৰাকীয়ে লাভ কৰিব আধাৰ কাৰ্ড। ১৫ দিনৰ ভিতৰতে লাভ কৰিব আধাৰ কাৰ্ড(9.3 lakh people in Assam to get their Aadhar cards)।

উল্লেখ্য যে, NRC বায়’মেট্ৰিক দিয়াৰ সময়ৰ পৰা বন্ধ হৈ আছিল এইসকল লোকৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ড বন্ধ হৈ থকা বাবে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল এইসকল লোক।

মুখ্যমন্ত্ৰীয়ে কয়, এইসকলৰ লোকৰ NRCৰ সৈতে আধাৰ কাৰ্ডৰ প্ৰত্যক্ষ সম্বন্ধ নাই। NRCত নাম থকা লোকেও পোৱা নাছিল আধাৰ কাৰ্ড। ভাৰত চৰকাৰে এইসকল লোকক আধাৰ কাৰ্ড দিয়াৰ অনুমতি দিছে। ভাৰত চৰকাৰে UIDAIক আধাৰ কাৰ্ড প্ৰদানৰ নিৰ্দেশ দিছে। NRC আৰু আধাৰ কেন্দ্ৰ এটা হোৱাৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছিল(Assam Ends Aadhaar Card Freeze for 9.35 Lakh Residents Affected by NRC Errors)।

মুখ্যমন্ত্ৰীয়ে কয় যে বহু দিনৰ মূৰত এটা সমস্যাৰ সমাধান হৈছে। আধাৰ কাৰ্ড হোৱাৰ পিছত ৰেচন কাৰ্ডো পাব।

লগতে পঢ়ক :Arunachali liquor seized in Jamugurihat : জামুগুৰিহাটত জব্দ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা