Local, Vocal, Global

বাক্সাত ৮৩ সংখ্যক গাৰামদেউ শ্ৰী শ্ৰী লক্ষ্মী পূজা-সভা মহোৎসৱ আৰম্ভ

মুছলপুৰঃ আজি লক্ষ্মী পূজা। ধন আৰু ঐশ্বৰ্য্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী আইক আদৰিবলৈ উখল-মাখল চৌদিশ। অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ সমীপৱৰ্তী গাৰামদেউত ৮৩ সংখ্যক গাৰামদেউ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু সভা মহোৎসৱৰ প্ৰথম দিনা উদযাপন সমিতি আৰু গাৰামদেউবাসী ৰাইজৰ সহযোগত ল’লে বিস্তৃত কাৰ্যসূচী। পূজাথলীৰ মূল প্ৰৱেশদ্বাৰ উদ্ধোধন কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। উদ্ধোধন কৰি মন্ত্ৰী ব্ৰহ্মই কয় যে হিন্দু পৰম্পৰা অনুসৰি লক্ষ্মীদেৱী সকলো ধন-সম্পত্তি,ঐশ্বৰ্য্যৰ গৰাকী। হিন্দু ধৰ্মৰ লোক সকলে দেশৰ বিভিন্ন প্ৰান্তত ভিন্ন নীতি-নিয়মেৰে লক্ষ্মী পূজা পালন কৰে। তেওঁ গাৰামদেউ গাঁৱৰ উন্নয়নৰ হকে কাম কৰাৰ কথা উল্লেখ কৰি দোহাৰে যে ইতিমধ্যে এই গাওঁত ২৫ লাখ টকা ব্যয় সাপেক্ষে এটা মডেল অংগনাবড়ী কেন্দ্ৰৰ কাম চলি আছে আৰু সোনকালে উদঘাটন কৰা হ’ব। আনহাতে উদযাপন সমিতিৰ সম্পাদক হৰেকৃষ্ণ পাঠকে কয় যে শৰৎ পূৰ্ণিমাত লক্ষ্মী পূজা জীৱনত সুখ, সমৃদ্ধি বিচাৰি কৰা হয়। মা লক্ষ্মীয়ে যাতে গাঁওখন ধনে-ধানে ভৰপূৰ কৰে লগতে অঞ্চলটোৰ সমূহ ৰাইজক সুমতি প্ৰদান কৰে তাৰেই কামনাৰে আমি গাৰামদেউবাসীয়ে প্ৰতিবছৰে লক্ষ্মী পূজা কৰি আহিছো । তেওঁ ৮৩ সংখ্যক গাৰামদেউ শ্ৰী শ্ৰী লক্ষ্মী পূজা আৰু সভা মহোৎসৱৰ ৬ দিনীয়া বৰ্ণাঢ্য কাৰ্য-ক্ৰমণিকাৰ বিষয়ে অৱগত কৰে আৰু সমূহ ৰাইজৰ অংশগ্ৰহণ আৰু সহায়-সহযোগিতা কামনা কৰে। আজি প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি প্ৰৱেশদ্বাৰ উদ্ধোধনৰ উপৰি ক্ৰমান্বয়ে পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বন্তি প্ৰজ্বলন, গছপুলি ৰোপণ ইত্যাদি কাৰ্যসূচী ৰূপায়ন কৰে। পতাকা উত্তোলন কৰে পূজা উদযাপন সমিতিৰ সভাপতি হেমন্ত ভৰালীয়ে। উত্তোলন কৰি তেওঁ সমূহ ৰাইজৰ সহযোগিতা কামনা কৰাৰ লগতে প্ৰতিদিনে যাতে ধৰ্মপ্ৰাণ ৰাইজে সু-শৃংখলা বজাই ৰাখি অনুষ্ঠান উপভোগ কৰে তাৰ প্ৰতি আশা ৰাখে।