ধুবুৰীত ৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল ৮ বছৰীয়া কিশোৰী

নিউজ ডেস্ক,২০ মাৰ্চঃ ৰাজ্যত পুনৰ ধৰ্ষণকাণ্ড। ৰাজ্যত ধাৰাবাহিকভাৱে ধৰ্ষণকাণ্ডৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি গৈছে।
৬০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হ’ল ৮ বছৰীয়া কণমানি কিশোৰী।
এই ঘটনা সংঘটিত হৈছে ধুবুৰীৰ তামাৰহাট থানাৰ অন্তৰ্গত ধুতুৰামাৰী গাঁৱত ।
আমজাত আলী নামৰ ষাঠি বছৰীয়া বৃদ্ধ এজনে সংঘটিত কৰিছে এই জঘন্য ঘটনা । পাষণ্ড বৃদ্ধই গাঁওখনৰে এজনী আঠ বছৰীয়া নাবালিকাক ফুচুলাই নি ঘৰত মাতি মুখত সোপা দি ধৰ্ষণ কৰে ।
পাছত কনমানিৰ চিঞৰ বাখৰ শুনি ওচৰ চুবুৰীয়াই আমজাত আলীৰ ঘৰত উপস্থিত হৈ পাষণ্ড বৃদ্ধটোৰ কবলৰ পৰা নাবালিকাক উদ্ধাৰ কৰে ।
কিন্তু সুযোগ বুজি ধৰ্ষণকাণ্ড সংঘটিত কৰা বৃদ্ধই পলাবলৈ চেষ্টা কৰে যদিও ৰাইজে আটক কৰি তামাৰহাট আৰক্ষীক গতাই দি কঠোৰ শাস্তিৰ দাবী জনায় ।