Bus Carrying Passengers Catches Fire : তীৰ্থযাত্ৰীৰে ভৰা চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড;জীৱন্তে অগ্নিদগ্ধ ৮ জন,আহত ২৪জন
নেশ্যনেল ডেস্ক,১৮মে’ : তীৰ্থযাত্ৰীৰে ভৰা চলন্ত বাছত ভয়ংকৰ অগ্নিকাণ্ড । জীৱন্তে অগ্নিদগ্ধ ৮ জন লোক।শুকুৰবাৰে নিশা সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো ।
জানিবলৈ পোৱা মতে, শুকুৰবাৰে নিশা হাৰিয়ানাৰ নুহ জিলাৰ টাৱাডু মহকুমাৰ সীমান্তৰে পাৰ হৈ যোৱা কুণ্ডলী মানেছাৰ পালৱাল এক্সপ্ৰেছৱেত তীৰ্থযাত্ৰীৰে ভৰা এখন চলন্ত বাছত এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে বাছখনত যাত্ৰা কৰা ৮ জন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে অগ্নিদগ্ধ হৈ আহত হোৱা ২৪ জনৰো অধিক লোক(8 Killed, Dozens Injured as Bus Carrying Passengers Catches Fire in Haryana)।
এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে চলন্ত বাছখনত জুইৰ লেলিহান শিখা দেখি স্থানীয় ৰাইজে জুই নিৰ্বাপণৰ চেষ্টা চলাই আৰু ঘটনা সন্দৰ্ভত তাৎক্ষণিকভাৱে আৰক্ষীক অৱগত কৰে স্থানীয় ৰাইজে। ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত কোনোমতে জুই নিয়ন্ত্ৰণ কৰে।
খবৰ অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা তীৰ্থযাত্ৰীৰ দলটো পঞ্জাৱ আৰু চণ্ডীগড়ৰ বাসিন্দা আছিল। তীৰ্থযাত্ৰীৰ দলটোৱে মথুৰা আৰু বৃন্দাবন ভ্ৰমণ কৰি উভতি আহিছিল। আৰক্ষীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে( Bus Carrying Passengers Catches Fire )।
বাছখনত যাত্ৰা কৰা ভুক্তভোগী ভক্ত সৰোজ পঞ্জ আৰু পুনমে জনোৱা মতে শুকুৰবাৰে তেওঁলোকে এখন পৰ্যটন বাছ ভাড়া কৰি বেনাৰস আৰু মথুৰা-বৃন্দাবন দৰ্শনলৈ বুলি ৰাওনা হৈছিল। বাছখনত মুঠ ৬০ জন লোক আছিল। য’ত মহিলা আৰু শিশুও আছিল। তীৰ্থযাত্ৰীসকলৰ অধিকাংশই ইজন-আনজনৰ সম্পৰ্কীয় আছিল, যিসকল আছিল পঞ্জাৱৰ লুধিয়ানা, হোছিয়াৰপুৰ আৰু চণ্ডীগড়ৰ বাসিন্দা।
বৰ্তমানলৈ জানিব পৰা নাই কেনেকৈ চলন্ত বাছখনত অগ্নি সংযোগ হ’ল । এই ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।
লগতে পঢ়ক : Fatal Collision Leaves One Dead : মহানগৰীৰ খানাপাৰাত অল্ট’ আৰু অট’ৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত অট’চালক