Local, Vocal, Global

8 Killed After Vehicle Falls Into Gorge in Jammu and Kashmir : দ খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাহন;শিশুসহ নিহত ৮জন

নিউজ ডেস্ক,২৮জুলাই : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত নিহত একেটা পৰিয়ালৰ ৮জনকৈ সদস্যৰ ।

শনিবাৰে এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হৈছে

জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ ডাকচুম অঞ্চলত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা । এটা দ খাৱৈত পৰিল যাত্ৰীবাহী বাহন। ফলত এজন পুৰুষ, দুজন মহিলাসহ পাঁচটা শিশু নিহত।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখন কিষ্টৱাৰৰ পৰা আহি আছিল । সেই সময়তে তেওঁলোকে যাত্ৰা কৰি থকা টাটা চুমোখনে নিয়ন্ত্ৰণ হেৰুৱাই ডাকচুমৰ ওচৰৰ ৰাস্তাত বাগৰি পৰাত সম্পূৰ্ণৰূপে পিষ্ট হৈ পৰে।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে উদ্ধাৰ অভিযান আৰম্ভ কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰো ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে(8 Killed After Vehicle Falls Into Gorge in Jammu and Kashmir)।

উল্লেখযোগ্য যে এই শোকাৱহ ঘটনাটো আন এটা শেহতীয়া দুৰ্ঘটনাৰ পাছত সংঘটিত হৈছিল য’ত কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজৌৰী আৰু ৰিয়াচি জিলাত দুটা পৃথক পথ দুৰ্ঘটনাত ছজন লোকৰ মৃত্যু হৈছিল

‘পিটিআই’ৰ বাতৰি অনুসৰি, ২১ জুলাইত ৰাজৌৰীৰ চালান গাঁৱৰ ওচৰৰ পাহাৰীয়া পথৰ পৰা আঠজন যাত্ৰী কঢ়িয়াই নিয়া এখন টেক্সি বাগৰি পৰাত তিনিজন লোক নিহত হৈছিল। আন এটা দুৰ্ঘটনাত, এটা পৰিয়ালৰ চাৰিজন সদস্যৰ সৈতে এখন গাড়ী ৰিয়াচি জিলাত এটা খাদত বাগৰি পৰাৰ ফলত তিনিজন ব্যক্তিৰ মৃত্যু হৈছিল(5 Children Among 8 Killed After Car Falls Into Gorge In J&K’s Anantnag)।

লগতে পঢ়ক : Deaths In Flooded Coaching Basement : ৰাজধানী দিল্লীত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু তিনিগৰাকী ছাত্ৰীৰ