8 killed after two vehicles collide in Madhya Pradesh : এছ ইউ ভি বাহনখনৰ খুন্দা ডাম্পাৰত;থিতাতে নিহত ৮জনকৈ লোক
নেশ্যনেল ডেস্ক,১৬মে’ : এক মৰ্মান্তিক দুৰ্ঘটনা । নিহত ৮জনকৈ লোক।
মধ্যপ্ৰদেশৰ ইণ্ডোৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত মধ্যপ্ৰদেশৰ ধৰৰ ইন্দোৰ-আহমেদাবাদ ফ’ৰলেন ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।
জানিব পৰা মতে, ইণ্ডোৰৰ বেটমাৰ সমীপৰ ইন্দোৰ-আহমেদাবাদ ঘাইপথত এখন এছ ইউ ভি বাহনখনে ৰৈ থকা ডাম্পাৰত খুন্দা মাৰে । টায়াৰ হঠাৎ ফাটি যোৱাৰ বাবে বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা ট্ৰাকখনত খুন্দা মাৰে । যাৰ বাবে বাহনখনত থকা ৯ জন লোকৰ ভিতৰত ৮ জনৰ লোকে থিতাতে নিহত হয় । নিহতসকলৰ ভিতৰত এজন আৰক্ষী কনিষ্টবল আছিল(Eight killed, one injured after two vehicles collide on Indore-Ahmedabad highway)।
এই ভয়ংকৰ দুৰ্ঘটনাটে সংঘটিত হোৱাৰ লগে লগে ঘটনাসন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে ।
দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে গাড়ীখন সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে । গাড়ীৰ ভিতৰত মৃতদেহ বহু সময় আবদ্ধ হৈ থাকে । গাঁৱৰ ৰাইজৰ সহযোগত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীয়ে অতি কষ্টেৰে গাড়ীৰ পৰা মৃতদেহবোৰ উলিয়াই আনে । আহত লোকজনক চিকিৎসাৰ বাবে ইন্দোৰৰ এম ৱাই হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ৷ বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । নিহত লোককেইজন গুনাত শ্ৰমিকৰ কাম কৰিবলৈ গৈছিল বুলি জানিবলৈ পৰা হৈছে(8 killed after two vehicles collide in Madhya Pradesh’s Indore) ।
তথ্য অনুসৰি হাণ্ড্ৰেড ডায়েলে ইন্দোৰ-আহমেদাবাদ ঘাইপথত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰিছিল । বেতমা থানা এলেকাৰ ধৰ সীমান্তৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । গুনাত বসবাস কৰা ভিলালা সম্প্ৰদায়ৰ একাংশ লোকে ধৰ জিলাৰ বাঘ টাণ্ডাৰ পৰা গুনা অভিমুখে গৈ থকা সময়তে ইন্দোৰ-আহমেদাবাদ ৰাষ্ট্ৰীয় ঘাইপথৰ ঘটাবিলোদ বাইপাছত ৰখাই থোৱা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় বাহনখনৰ ।