8 Killed, 23 Injured as Goods Vehicle Collides with Truck in Bemetara : পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ; নিহত ১০গৰাকী,আহত ২৩গৰাকী

নেশ্যনেল ডেস্ক, ২৯এপ্ৰিল : এক মৰ্মান্তিক দুৰ্ঘটনা । মৃত্য়ু ১০গৰাকী লোক, আহত হয় ২৩গৰাকী(8 Killed, 23 Injured as Goods Vehicle Collides with Truck in Bemetara) ।
ছত্তীশগড়ৰ বেমেটাৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বেমেটাৰা থানা এলেকাৰ কাঠিয়া পেট্ৰ’ল পাম্পৰ সমীপত সংঘটিত হয় এই দুৰ্ঘটনাটো । পথত ৰখাই থোৱা বাহনত খুন্দা যাত্ৰীবাহী বাহনখনৰ।
জানিব পৰা মতে, দেওবাৰে নিশা সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দেওবাৰে নিশা এটা পৰিয়ালে অনুষ্ঠানত অংশগ্ৰহণ কৰি বাহনখনেৰে উভতি আহি থকা অৱস্থাত পথৰ কাষত ৰখাই থোৱা এখন মিনি ট্ৰাকৰ সৈতে বাহনখন সংঘৰ্ষ হয়। ফলত থিতাতে নিহত হয় ৫ গৰাকী মহিলা আৰু ৩ শিশুসহ ৮ জন লোক । আহত হয় ২৩গৰাকীকৈ লোক(8 Killed, 23 Injured As Goods Vehicle Collides With Truck In Chhattisgarh) ।
নিহত লোক কেইজন ক্ৰমে – ভূৰি নিছাদ (৫০), নীৰা সাহু (৫৫), গীতা সাহু (৬০), অগ্নিয়া সাহু (৬০), খুছবু সাহু (৩৯), মধু সাহু (৫), ৰিকেশ নিছাদ (৬) আৰু… টুইংকল নিছাদ (৬) বুলি জানিব পৰা গৈছে।
ইফালে আহত লোকসকলক চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আহত লোকসকলৰ চাৰিজন অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ৰায়পুৰৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সলৈ স্থানান্তৰ কৰা হয়(8 killed, 23 injured as goods vehicle collides with truck in Chhattisgarh’s Bemetara)।
লগতে পঢ়ক : Union Home Minister Amit Shah to Visit Assam Today : আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ