Local, Vocal, Global

78th independence day : ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মঞ্চত এয়া কি ?

বিলাসীপাৰা,১৮আগষ্ট : ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ মঞ্চত এয়া কি ? ভোজপুৰি গানত উদ্যম নৃত্য যুৱতীৰ

এই দৃশ্য হৈছে বিলাসীপাৰাৰ ঝাউপাৰা এম ই স্কুলৰ। ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে বিদ্যালয় খনত আয়োজন কৰা হৈছিল দুদিনীয়া কৈ সাংস্কৃতিক অনুষ্ঠান।

সাংস্কৃতিক অনুষ্ঠানৰ নামত কণ কণ ছাত্ৰ ছাত্ৰীৰ আগত এনেধৰণৰ অশ্লীল নৃত্য। কন কন ছাত্ৰ ছাত্ৰীৰ সন্মুখত যুৱতীৰ উদ্যাম নৃত্য। বিদ্যালয় কৰ্তৃপক্ষৰ এনে অপ সংস্কৃতিৰ কাৰ্যসূচীয়ে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এতিয়া বিলাসীপাৰাত(78th independence day)।

বিদ্যালয় খনৰ প্ৰধান শিক্ষক জনে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানত যুৱতীৰ দ্বাৰা পৰিবেশন কৰা উদ্যম নৃত্যই চকু কপালত তুলিছে সাধাৰন ৰাইজপ মাজত।

শৈক্ষিক অনুষ্টানত এনে উদ্যম নৃত্যুই কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনত বহু ক্ষতি কৰিছে বুলি মন্তব্য অভিযোগ কাৰীৰ। বিদ্যালয় খনৰ কন কন ছাত্ৰ ছাত্ৰীৰ সন্মুখত সংস্কৃতিৰ নামত এনে অপ সংস্কৃতিয়ে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। অতি সোনকালে প্ৰধান শিক্ষক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ দাবী অভিযোগ কাৰীৰ।

লগতে পঢ়ক : One Women Arrested With Drugs : ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহত নামিছে একাংশ মহিলা