Local, Vocal, Global

78th independence day: দেশজুৰি উদযাপন ৭৮ সংখ্যক স্বাধীনতা দিৱস;খানাপাৰাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিউজ ডেস্ক,১৫আগষ্ট : আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশে উলহ–মালহেৰে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতাৰ দিন(78th independence day)।

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে ৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে । খানাপাৰা খেলপথাৰত ৰাইজৰ উপস্থিতিত পুৱা ৯ বজা লগে লগে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। পৰৱৰ্তী সময়ত শৰ্মাই পেৰেডত অংশ লব ৷ এই কাৰ্যসূচীত বিভিন্ন কুচকাৱাজ প্ৰৰ্দশন কৰিব আৰক্ষী,অৰ্ধসামৰিক বাহিনীয়ে(78th independence day)৷

লগতে পঢ়ক :78th independence day: দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন কৰে