Local, Vocal, Global

78th independence day: দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱস পতাকা উত্তোলন কৰে

নেশ্যনেল ডেস্ক, ১৫আগষ্ট : আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস। দেশে উলহ–মালহেৰে উদযাপন কৰিছে ৭৮ সংখ্যক স্বাধীনতাৰ দিন। লালকিল্লাত ১১ সংখ্যক বাৰৰ বাবে ত্ৰিৰংগা উৰুৱালৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে(78th independence day)।

এজন জেচিঅ’ আৰু ২৫টা বিভিন্ন ৰেংকৰে গঠিত পঞ্জাব ৰেজিমেণ্ট মিলিটাৰী বেণ্ডে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সময়ত ৰাষ্ট্ৰীয় সংগীত বজাই ‘ৰাষ্ট্ৰীয় চেলুট’ উপস্থাপন কৰে।

এইবাৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘বিকাশিত ভাৰত @২০৪৭’। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে নিজ সামাজিক মাধ্যম এক্সৰ জৰিয়তে দেশবাসীক স্বাধীনতা দিৱসৰ সম্ভাষণ জনাইছে। প্ৰধানমন্ত্ৰীয়ে পোষ্টক লিখে যে, “মোৰ সতীৰ্থ ভাৰতীয়সকলক স্বাধীনতা দিৱসৰ শুভেচ্ছা । জয় হিন্দ !”

মোডীয়ে প্ৰথমে ৰাজঘাটত উপস্থিত হৈ দেশৰ ৭৮ সংখ্যক স্বাধীনতা দিৱসত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । তাৰ পৰা তেওঁ লালকিল্লাত উপস্থিত হয়(78th independence day)৷

লগতে পঢ়ক : 78th Independence Day : আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস