Local, Vocal, Global

70 Lakh Worth Heroin Seized in Assam’s Badarpur : কৰিমগঞ্জত আৰক্ষীৰ অভিযান; অভিযানত জব্দ নিচাজাতীয় সামগ্ৰীসহ পাঁচ সৰবৰাহকাৰী

নিউজ ডেস্ক,২৮অক্টোবৰ : কৰিমগঞ্জত আৰক্ষীৰ অভিযান । অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী(70 Lakh Worth Heroin Seized in Assam’s Badarpur) ।

ৰাজ্যত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । কিন্তু তাৰ মাজতে ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই(Drugs peddler arrested)

বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)। সুৰাপানৰ সমান্তৰালকৈ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ড্ৰাগছ সেৱনৰ ঘটনা আমাৰ বাবে অজান নহয়। প্ৰধানকৈ কৈশোৰৰ পৰা যৌৱনপ্ৰাপ্তিৰ কালছোৱাৰ সময়ত সহজেই ল’ৰা-ছোৱালী ড্ৰাগছৰ কৱলত পৰা দেখা যায় (Drugs peddler arrested in Karimganj )।

আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।

এইবাৰ কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । শুকুৰবাৰে বদৰপুৰ আৰক্ষীয়ে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কৰিমগঞ্জৰ বদৰপুৰত অভিযান চলাই । অভিযানত বদৰপুৰৰ পৰা প্ৰায় ২৭৭.২২ গ্ৰাম হেৰ’ইন জব্দ কৰে । জব্দ কৰা নিচাজাতীয় সামগ্ৰীখিনিৰ মূল্য ৭০ লাখৰো অধিক(Woman Among 5 Held With Rs 70 Lakh Worth Heroin In Assam’s Badarpur) ।

উল্লেখ্য যে, শুকুৰবাৰে আৰক্ষীয়ে চলোৱা এই অভিযানত নিচাজাতীয় সামগ্ৰীসহ আটক কৰে পাঁচ সৰবৰাহকাৰীক । জানিব পৰা মতে আটক কৰা সৰবৰাহকাৰীৰ ভিতৰত এগৰাকী মহিলাও আছিল ।

আৰক্ষীয়ে জনোৱা অনুসৰি , আটক কৰা লোককেইজন ক্ৰমে হাছান আলী, নাজিৰ উদ্দিন, বাবুল হুছেইন লস্কৰ, লালছাঞ্জো আৰু টুনহাউলিয়ান লেংগেল। ইয়াৰে প্ৰথম তিনিজন বদৰপুৰৰ বাসিন্দা, বাকী দুজন মণিপুৰৰ চুৰাচান্দপুৰৰ বাসিন্দা।

বিষয়াসকলে জনোৱা অনুসৰি , বদৰপুৰৰ পশ্চিম দেওৰাইল অঞ্চলৰ মছজিদৰ সমীপৰ এখন পাণৰ দোকানৰ আঁৰত ড্ৰাগছৰ ব্যৱসায়ৰ মাজতে অভিযুক্তক ৰঙা হাতেৰে আটক কৰিবলৈ সক্ষম হয়। লগতে মিজোৰামৰ পৰা বদৰপুৰলৈ অনা নিচাজাতীয় সামগ্ৰীখিনি দেওৰাইল অঞ্চলত বেপাৰ কৰে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক :Dead body recovered : উজান বজাৰৰ শিৱৰাম পথত উদ্ধাৰ মৃতদেহ