Local, Vocal, Global

Rajasthan Road Accident : শোকাৱহ দুৰ্ঘটনা; নিহত একেটা পৰিয়ালৰ ৭জনকৈ লোক

নেশ্যনেল ডেস্ক, ১৫ এপ্ৰিল : এক শোকাৱহ দুৰ্ঘটনা । নিহত একেটা পৰিয়ালৰ ৭জনকৈ লোক।

ৰাজস্থানত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দেওবাৰে ৰাজস্থানৰ চিকৰ জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো ।এখন দ্রুতবেগী বাহনে এখন ট্রাকত প্রচণ্ড খুন্দা মৰাৰ ফলত এই পথ দুৰ্ঘটনা সংঘটিত হয়(7 of family dead as car catches fire after collision with truck in Rajasthan)।

জানিব পৰা মতে, প্ৰথমে তীব্ৰবেগী বাহনখনে ট্ৰাকখনত খুন্দা মাৰে আৰু পাছত জ্বলি উঠে দুয়োখন বাহন। যাৰ ফলত চাৰিচকীয়া বাহনখনৰ ভিতৰতে অগ্নিদগ্ধ হৈ মৃত্যু ঘটে একে পৰিয়ালৰে ৭ জন লোকৰ। দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা পৰিয়ালটো আছিল উত্তৰপ্রদেশৰ। ছালাছৰ বালাজী মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হয়(Rajasthan Road Accident)।

খবৰ অনুসৰি, দুৰ্ঘটনাত পতিত হোৱা ট্ৰাকখনত কেইবাটাও কাৰ্টুন আছিল। যাৰ বাবে জুইৰ প্ৰকোপ বেছি হয়।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু জুই নিৰ্বাপনৰ চেষ্টা চলাই । প্ৰায় আধা ঘন্টা সময় অগ্নিনিৰ্বাপক বাহিনীৰ চেষ্টাৰ অন্তত জুই নিৰ্বাপন হয় ।

আৰক্ষীয়ে বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।