Local, Vocal, Global

Jehanabad temple tragedy: জাহানাবাদৰ মখদুমপুৰস্থিত বাবা সিদ্ধনাথ মন্দিৰত পদপিষ্ট হৈ ৩ মহিলাসহ ৭গৰাকীৰ মৃত্যু

নেশ্যনেল ডেস্ক, ১২ আগষ্ট : বিহাৰৰ জেহানাবাদ শোকাৱহ ঘটনা ৷ জেহানাবাদত অৱস্থিত মন্দিৰত পদপিষ্টৰ ঘটনা। নিহত মহিলাসহ ৭গৰাকীকৈ ভক্ত(Jehanabad temple tragedy) ।

জানিব পৰা মতে,শাওণ মাহৰ চতুৰ্থটো সোমবাৰ উপলক্ষে মখদুমপুৰ ব্লকৰ বৰাৱৰ পাহাৰত অৱস্থিত বাবা সিদ্ধেশ্বৰ নাথ মন্দিৰত দেওবাৰে নিশা অগণন শিৱভক্তৰ ভিৰ হয় । সেইসময়তে স্বেচ্ছাসেৱকে বলপূৰ্বকভাৱে ভক্তক নিয়ন্ত্ৰণ কৰিবলৈ লওতেই সংঘটিত হয় পদপিষ্টৰ ঘটনা ৷ ফলত সৃষ্টি হয় হুলস্থুলীয়া পৰিৱেশ । এই ঘটনাত ৭ জন লোকৰ মৃত্যু ঘটে । মৃত্যু হোৱাসকলৰ ভিতৰত ৫ গৰাকী মহিলা আৰু ২ জন পুৰুষ বুলি জানিব পৰা গৈছে । মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা অধিক(Seven dead, multiple injured in Bihar stampede) ।

স্থানীয় লোকে জনোৱা অনুসৰি, “সোমবাৰ প্ৰাকক্ষণত ভক্তৰ বিশাল ভিৰ গোট খাইছিল উক্ত স্থানত । বাবা সিদ্ধেশ্বৰ নাথৰ দৰ্শনৰ বাবে বহুসংখ্যক ভক্ত পাহাৰখনত উপস্থিত হয় । যাৰ বাবে মন্দিৰৰ সমীপত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল । হঠাতে সৃষ্টি হোৱা হুলস্থূল পৰিস্থিতিৰ বাবে মানুহবোৰ ইফালে-সিফালে দৌৰিবলৈ আৰম্ভ কৰে । যাৰ বাবে বহু মহিলা পৰি যায় আৰু থিতাতে মৃত্যু ঘটাৰ লগতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । সকলোকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।”

নিহতসকলৰ ভিতৰত চিনাক্ত কৰা হৈছে ৪ জনক ৷ মৃত লোককেইজন হ’ল- জিলাখনৰ মোৰ টেক্ৰিৰ নিবাসী পুনম দেৱী, মখদুমপুৰ থানা এলেকাৰ লাদোয়া গাঁৱৰ নিশা কুমাৰী, জাল বিঘাৰ নাদোলৰ সুশিলা দেৱী, নগৰৰ এৰকি গাঁৱৰ নিশা দেৱী । বাকীসকলৰ বৰ্তমানলৈ চিনাক্ত কৰিব পৰা নাই আৰক্ষীয়ে(7 Dead In Stampede At Baba Siddhnath Temple In Jehanabad)।

লগতে পঢ়ক : Sensational incident : মহানগৰীৰ আদিংগিৰিত শোকাৱহ ঘটনা