Local, Vocal, Global

Bihar road accident : মৰ্মান্তিক পথ দুৰ্ঘটনা; শিশুসহ নিহত ৭জনকৈ লোক

নেশ্যনেল ডেস্ক, ১৮ মাৰ্চ : এক মৰ্মান্তিক পথ দুৰ্ঘটনা । দুৰ্ঘটনাত ৩ শিশুসহ নিহত ৭জনকৈ লোক(Bihar road accident) ।

বিহাৰত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। সোমবাৰে পুৱা বিহাৰৰ খাগাৰিয়া জিলাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন ট্ৰেক্টৰৰ সৈতে SUV বাহনৰ মুখামুখি সংঘৰ্ষ হয় । সংঘৰ্ষ ইমানে ভয়ংকৰ আছিল যে দুয়োখন বাহনে ভাঙি চুৰ্ণ বিচূৰ্ণ হয়। ফলত যাত্ৰীবাহী বাহনখনত থকা সাতজন লোক থিতাতে নিহত হয়। নিহত ব্যক্তি কেইজন খগড়িয়াৰ বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

এই ভয়ংকৰ ঘটনা সন্দৰ্ভত প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, গাড়ীখনত থকা প্ৰায় ১০ জন যাত্ৰী চৌথামৰ থুঠি-মোহনপ গাঁৱৰ পৰা মৰৈয়া স্থানীয়তালৈ গৈ আছিল। সেই সময়তে এছ ইউ ভিখন পেট্ৰ’ল পাম্পৰ কাষ চাপি অহাৰ লগে লগে বিপৰীত দিশৰ পৰা অহা চিমেণ্ট ভৰ্তি ট্ৰেক্টৰখনে এছ ইউ ভিখনৰ লগত খুন্দা মাৰে ফলত গাড়ীখনে পথৰ কাষত বাগৰি যায়(7 dead in tractor, car collision) ।

এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পিছতে আহত লোকসকলক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাৰ বিপৰীতে দুজনক সংকটজনক অৱস্থাত পাটনা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে(7 Dead, 6 Injured in Jeep-Tractor Collision in Bihar) ।

খগড়িয়াৰ আৰক্ষী অধীক্ষক চন্দনে জানিবলৈ দিয়া মতে, মৃত লোকজনৰ আত্মীয়ক এই সন্দৰ্ভত অৱগত কৰা হৈছে।

আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি ট্ৰেক্টৰখনৰ চালক জনে ঘটনা সংঘটি কৰিয়ে পলায়ন কৰে ।

লগতে পঢ়ক : Tragic Road Accident : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য; ডাম্পাৰে মহটিয়াই নিলে ই-ৰিক্সাক