Local, Vocal, Global

UP Cops dismissed : ৭ জন জোৱানে আৰক্ষীৰ পোছাকত লগালে দাগ

নেশ্যনেল ডেস্ক, ১২ জুন : আৰক্ষীৰ পোছাকত চেকা লগালে উত্তৰ প্ৰদেশৰ ৭ গৰাকীকৈ জোৱানে (Dismissed UP Cop) । যোৱা ৩১ মে’ ত বাৰাণসী জিলাৰ ভেলুপুৰ অঞ্চলত গুজৰাটৰ এগৰাকী ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে লুটিলে প্ৰায় ১.৪ কোটি টকা । ইতিমধ্যে পৰিদৰ্শকসহ ৭ গৰাকী আৰক্ষীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে । বৰ্খাস্ত আৰক্ষী জোৱানকেইজনৰ বিৰুদ্ধে আউৰিয়া জিলাৰ এজন বান্দাভিত্তিক ব্যৱসায়ীৰ কৰ্মচাৰীক অপহৰণ আৰু ডকাইতি কৰাৰ অভিযোগ উঠিছে । আৰক্ষীকেইজনৰ ভিতৰত আছে এজন ষ্টেচন হাউচ বিষয়া, ৩ জন উপ-পৰিদৰ্শক আৰু কনিষ্টবল ।

বৰ্খাস্ত হোৱা সাতজন আৰক্ষী ক্ৰমে ষ্টেচন হাউছৰ বিষয়া ৰমা কান্ত দুবে, উপ-পৰিদৰ্শক সুশীল কুমাৰ, মহেশ কুমাৰ,উৎকৰ্ষ চতুৰ্বেদী আৰু কনিষ্টবল ক্ৰমে মহেন্দ্ৰ কুমাৰ পেটেল, কপিল দেৱ পাণ্ডে আৰু শিৱচান্দ বুলি চিনাক্ত কৰা হৈছে । সকলোক বাৰাণসী জিলাৰ ভেলুপুৰ আৰক্ষী থানাত কৰ্মৰত আছিল (UP Police dismissed) ।

আৰক্ষীয়ে ১.৪০ কোটি টকাৰ ডকাইতিৰ গোচৰৰ তদন্ত এতিয়াও চলি আছে যদিও এই পৰ্যন্ত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে বৰ্খাস্ত কৰা সাতজন আৰক্ষীৰ বিৰুদ্ধে এতিয়াও গোচৰ ৰুজু কৰা নাই বুলি জানিব পৰা গৈছে (1.4 crore robbery) ।

আৰক্ষীয়ে জনোৱা অনুসৰি ১.৪ কোটি টকাৰ ডকাইতিৰ গোচৰৰ তদন্ত চলি আছে আৰু এতিয়ালৈকে ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে । আনহাতে তেওঁলোকে এতিয়াও বৰ্খাস্ত কৰা ৭ জন আৰক্ষীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা নাই (7 Uttar Pradesh cops sacked) । আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ মতে কামত অৱহেলাৰ বাবে বৰ্খাস্ত কৰা আৰক্ষীসকলক প্ৰথমে নিলম্বিত কৰা হৈছে । ঘটনাটোৰ তদন্তত প্ৰকাশ পাইছে যে আৰক্ষীকেইজন ডকাইতিকাণ্ডত সক্ৰিয়ভাৱে জড়িত আছিল ।

শীৰ্ষ আৰক্ষীয়ে জনোৱা মতে ডকাইতিৰ সৈতে জড়িত আৰক্ষীকেইজনৰ বিৰুদ্ধে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

জানিব পৰা মতে, ৩১ মে’ত বাৰাণসী আৰক্ষীয়ে ভেলুপুৰ অঞ্চলত এখন পৰিত্যক্ত বাহনৰ পৰা নগদ ৯২.৯৪ লাখ টকা উদ্ধাৰ কৰা বুলি দাবী কৰে । পাছত সেই ধনখিনি গুজৰাটৰ ব্যৱসায়ীৰ এজন কৰ্মচাৰীক কিছুদিন পূৰ্বে এক সশস্ত্ৰ ডকাইতিৰ দলে লুটি লৈ যোৱা ধন বুলি চিনাক্ত কৰা হয় ।

যোৱা ৪ জুনত ব্যৱসায়ীজনৰ কৰ্মচাৰী বিক্ৰম সিঙে বাৰাণসী বাসিন্দা এজন মান্টু ৰায় আৰু ১২ জন অচিনাক্ত লোকৰ বিৰুদ্ধে ভেলুপুৰ থানাত ডকাইতিৰ অভিযোগত এফআইআৰ দাখিল কৰিছিল ।

লক্ষণীয়ভাৱে, যিখন বাহনৰ পৰা ধন উদ্ধাৰ কৰা হৈছিল সেইখন মন্টু ৰায়ৰ আছিল। প্ৰথমতে, কৰ্তব্যত অৱহেলা কৰাৰ অভিযোগত সাতজন আৰক্ষীক নিলম্বিত কৰা হৈছিল। অতিৰিক্ত আৰক্ষী আয়ুক্ত সিঙে কৈছিল যে ভাড়াঘৰৰ ওচৰৰ পৰা চিচিটিভি ফুটেজ ৰখাৰ সময়ত, অনুসন্ধানকাৰীসকলে ২৭ মে’ত মন্টু ৰায়ৰ বাহনখন আৰক্ষীৰ জীপৰ সৈতে অভিযোগকাৰীৰ ঘৰলৈ যোৱা দেখিছিল। সোধা-পোছাৰ সময়ত, ৰায়ে ডকাইতিৰ সৈতে তেওঁৰ জড়িত থকাৰ লগতে আৰক্ষীৰ জড়িত থকাৰ কথাও স্বীকাৰ কৰে, এজন আৰক্ষী বিষয়াই কয়।

লক্ষণীয় যে যিখন বাহনৰ পৰা ধন উদ্ধাৰ কৰা হৈছিল সেই বাহনখন মন্তু ৰায়ৰ আছিল ৷ প্ৰথম অৱস্থাত কৰ্তব্যৰ গাফিলতিৰ অভিযোগত নিলম্বন কৰা হৈছিল এই সাতজন আৰক্ষীক। অতিৰিক্ত আৰক্ষী আয়ুক্ত সিঙে জনোৱা অনুসৰি , ভাড়াতীয়া ফ্লেটৰ ওচৰৰ পৰা চিচিটিভি ফুটেজৰ জৰিয়তে তদন্তকাৰীয়ে ২৭ মে’ত মন্তু ৰায়ৰ বাহনখন আৰক্ষীৰ জীপ লৈ অভিযোগকাৰীৰ ঘৰলৈ যোৱা দেখা পাইছিল ।

এজন আৰক্ষীক জনোৱা অনুসৰি আৰক্ষীয়ে সোধা-পোছাৰ সময়ত, মন্তু ৰায়ে ডকাইতিৰ সৈতে তেওঁৰ জড়িত থকাৰ লগতে আৰক্ষীৰ জড়িত থকাৰ কথাও স্বীকাৰ কৰে ।

অভিযোগ অনুসৰি ডকাইতিৰ ঘটনাত জড়িত এজন আৰক্ষীয়ে তেওঁ লাভ কৰা ধনৰ অংশত অসন্তুষ্ট আছিল আৰু ডকাইতৰ সক্ৰিয় ভূমিকাৰ বিষয়ে তথ্য প্ৰকাশ কৰিছিল । তথ্যবোৰ পোহৰলৈ অহাৰ লগে লগে, এক তদন্তকাৰী দলে অনুসন্ধান আৰম্ভ কৰি ইয়াৰ সৈতে জড়িতসকলৰ সম্ভেদ উলিয়ায় । এই ঘটনাই এতিয়া সমগ্ৰ উত্তৰ প্ৰদেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । জনসাধাৰণে যি আৰক্ষীক লৈ সুৰক্ষিত অনুভৱ কৰে সেই আৰক্ষীয়ে যদি জনসাধাৰণৰ প্ৰতি ভাবুকি হয় তেনেহ’লে জনসাধাৰণে কাক বিশ্বাস কৰিব ?

লগতে পঢ়ক : Model Dies During Ramp Walk In Fashion Show : ফেশ্বন শ্ব’ত ৰেম্প ৱাকৰ সময়ত মডেলৰ মৃত্যু