WATCH | 7 Bangladeshi Nationals Detained : কাছাৰত পুনৰ আটক ৭জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক
কাছাৰ,১২জুন : কাছাৰত পুনৰ আটক ৭জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক।
কাছাৰৰ কালাইনচোৰা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰা ৭জন বাংলাদেশী নাগৰিকক আটক কৰি আৰক্ষীক গতাই দিয়ে স্থানীয় ৰাইজে।
কেইমাহমান পূৰ্বে দালালৰ সহায়ত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল বাংলাদেশী কেইজন। কিছুদিন থকাৰ পিছত মালিদাহাৰ সীমান্তৰে বাংলাদেশলৈ যোৱাৰ পথত স্থানীয় লোকে তেওঁলোকক আটক কৰি আৰক্ষীক গতাই দিয়ে। বর্তমান তেওঁলোক আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে(7 Bangladeshi Nationals Detained)।
লগতে পঢ়ক : WATCH | Pabitra Margherita : টীয়ক এফ আৰ ইউত ডাইলাইচিছ ইউনিটৰ শুভ উদ্বোধন মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ