7.6 Magnitude Earthquake Hits Japan : জাপানত ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি; চুনামীৰ সতৰ্কবাণী জাৰি

ইণ্টাৰনেশ্যনেল ডেস্ক, ১জানুৱাৰী : জাপানত ভূমিকম্পৰ জোকাৰণি । সোমবাৰে উত্তৰ মধ্য জাপানক জোকাৰি যায় ৭.৬ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি(7.6 Magnitude Earthquake Hits Japan) ।
দ্য জাপান টাইমছৰ ৰিপ’ৰ্ট অনুসৰি, ভূমিকম্পৰ কম্পন ৰাজধানী টকিঅ’ আৰু কাণ্টো অঞ্চলত অনুভূত হয়। জাপানী ৰাজহুৱা প্ৰচাৰক এনএইচকেৰ মতে, ছুনামীৰ সতৰ্কবাণীৰ পিছত ৫ মিটাৰ পৰ্যন্ত ঢৌৰ আশংকাৰ বাবে জনসাধাৰণক উপকূলীয় অঞ্চল শীঘ্ৰে ত্যাগ কৰা আৰু অট্টালিকাৰ ওপৰত বা ওখ স্থানত আশ্ৰয় লোৱাৰ আহ্বান জনোৱা হৈছে(Strong 7.5 Magnitude Earthquake Jolts Japan, Tsunami Warning Issued)।
উল্লেখ্য যে, জাপানৰ সাগৰত কেইবাটাও শক্তিশালী ভূমিকম্পৰ পিছত সোমবাৰে ছুনামিৰ সতৰ্কবাণী জাৰি কৰিছে জাপানে । জাপান মেট্ৰোলজিকেল এজেঞ্চীয়ে আবেলি ৪ বজাৰ পিছতে ইশিকাৱা আৰু ইয়াৰ ওচৰৰ প্ৰিফেকচাৰৰ উপকূলত ভূমিকম্পৰ খবৰ জনাইছে । ইয়াৰে ভিতৰত প্ৰাথমিক তথ্য মতে ৰিখটাৰ স্কেলত এটাৰ প্ৰাবল্য আছিল ৭.৬ । যাৰ বাবে ইশিকাৱাত এক ডাঙৰ ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে আৰু হোনচু দ্বীপৰ বাকী পশ্চিম উপকূলৰ বাবে নিম্ন-পৰ্যায়ৰ ছুনামি সতৰ্কবাণী জাৰি কৰিছে(Tsunami Warning After Powerful 7.5 Magnitude Earthquake Strikes Japan) ।
জাপানৰ চৰকাৰী সম্প্ৰচাৰক এনএইচকে টিভিয়ে সতৰ্ক কৰি দিছে যে এই সময়ত সাগৰ পৃষ্ঠৰ পানী ৫ মিটাৰ (১৬.৫ ফুট) ওপৰলৈ উঠিব পাৰে আৰু জনসাধাৰণক যিমান সম্ভৱ সোনকালে ওখ অঞ্চল বা ওচৰৰ অট্টালিকাৰ ওপৰলৈ যাবলৈ আহ্বান জনোৱা হৈছে । এনএইচকেয়ে কৈছে যে ছুনামিৰ ঢৌ সৃষ্টিব পাৰে আৰু ইয়াৰ প্ৰাৰম্ভিক সতৰ্কবাণী প্ৰায় এঘণ্টা ধৰি সম্প্ৰচাৰ কৰা হয় । অৱশ্যে চৰকাৰে ক্ষয়-ক্ষতিৰ পৰিমাণ প্ৰদান কৰা নাই । কিন্তু নিশালৈকে সংবাদমেল অনুষ্ঠিত কৰি এই সন্দৰ্ভত জনাব বুলি আশা কৰা হৈছে(7.6-magnitude earthquake hits Japan; tsunami warning issued) ।
আনহাতে, জাপানৰ পশ্চিম উপকূলৰ নিগাটা আৰু অন্যান্য প্ৰান্তত প্ৰায় ৩ মিটাৰ ওখ ছুনামিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে । এনএইচকেৰ মতে, সৰু ছুনামিৰ ঢৌ ইতিমধ্যে উপকূলীয় অঞ্চলত উপনীত হোৱাটো নিশ্চিত কৰা হৈছে ।
উক্ত অঞ্চলটোত এটা পাৰমাণৱিক প্ৰকল্প আছে । টকিঅ’ ইলেক্ট্ৰিক পাৱাৰ কোম্পানী অপাৰেটৰে জনোৱা মতে, ছুনামিৰ ফলত প্ৰকল্পটোৰ হ’ব পৰা সমস্যাৰ বিষয়ে পৰীক্ষা কৰি আছে । কিন্তু তাৎক্ষণিকভাৱে ইয়াৰ কোনো ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই । উল্লেখ্য, জাপান হৈছে এক অত্যন্ত ভূমিকম্প প্ৰৱণ দেশ । ২০১১ চনৰ মাৰ্চ মাহত এটা ডাঙৰ ভূমিকম্প আৰু ছুনামিৰ ফলত এটা পাৰমাণৱিক প্ৰকল্প ধ্বংস হৈছিল ।