Local, Vocal, Global

65th Bilasipara Raas Mahotsav begins: বিলাসীপাৰাত ৬৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন

বিলাসীপাৰা,১৭নৱেম্বৰ : আৰম্ভ পৱিত্ৰ ৰাস পূৰ্ণিমা । চৌদিশ মুখৰিত শ্ৰীকৃষ্ণ বন্দনাৰে । শৰতৰ বিতোপন পূৰ্ণিমা নিশা কৃষ্ণৰ অপৰূপ লীলাক পুনৰুজ্জীৱিত কৰাৰ উদ্দেশ্যে প্ৰান্তে প্ৰান্তে আয়োজন কৰা হৈছে ৰাসোৎসৱৰ।উজনিত যদি জীৱন্ত ৰাসলীলা আনফালে নামনি অসমত মূৰ্তি ৰাসৰ পয়োভৰ(65th Bilasipara Raas Mahotsav begins) ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিলাসীপাৰাতো ৬৫ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন। শনিবাৰে সন্ধিয়া বিলাসীপাৰা সম-জিলাৰ আয়ুক্তয়ে উদ্বোধন কৰে ৰাস মহোৎসৱৰ দ্বাৰ। স্থানীয় মা মহামায়া মন্দিৰ প্ৰাংগণৰ পৰা বিশিষ্ট অতিথি সকলক বিভিন্ন জনগোষ্ঠীয়ে পৰম্পৰাগত সাজ-পাৰ পিন্ধি সাংস্কৃতিক সমদল কৰি ৰাসথলীলৈ আনে।

ইয়াৰ পাছতে সম-জিলা আয়ুক্ত, মহকুমা আৰক্ষী বিষয়া, অসম চৰকাৰৰ বিপনন নিগমৰ অধ্যক্ষকে ধৰি আমন্ত্ৰিত অতিথি সকলে বিভিন্ন অনুষ্ঠানৰ দ্বাৰ উদঘাটন কৰে।

লগতে পঢ়ক :মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ আহ্বান