Local, Vocal, Global

62nd Walong Day Set to Unfold With Grandeur and Reverence : ভাৰতীয় সেনাৰ ৬২ সংখ্যক ৱালং দিৱস উদযাপনৰ প্ৰস্তুতি

নিউজ ডেস্ক, ৫ অক্টোবৰ : ভাৰতীয় সেনাৰ ৬২ সংখ্যক ৱালং দিৱস উদযাপনৰ প্ৰস্তুতি। ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধত ৱালঙত সাহসেৰে যুঁজি দেশৰ হকে প্ৰাণ আহুতি দিয়া ভাৰতীয় সেনা জোৱানসকলৰ অদম্য সাহস আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় সেনাই আৰম্ভ কৰিছে প্ৰস্তুতি ।

প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল মহিন্দ্ৰ ৰাৱাটে জানিবলৈ দিয়া অনুসৰি, মাতৃভূমিক শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিয়া সাহসী বীৰ যোদ্ধাসকলৰ স্মৃতিস্থলী ৱালং যুদ্ধ স্মৃতিসৌধত ১৭ অক্টোবৰৰ পৰা ধাৰাবাহিকভাৱে এক বিশাল অনুষ্ঠান আৰু মাল্যাৰ্পণৰ জৰিয়তে উক্ত দিৱস উদযাপন আৰম্ভ হ’ব(62nd Walong Day celebration set to unfold with grandeur and reverence)।

এই সন্দৰ্ভত ৰাৱাটে জনায় যে ৬২ সংখ্যক ৱালং দিৱস কেৱল অতীতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নহয়, বৰঞ্চ ভাৰতীয় সেনাৰ বীৰ মনোভাবৰ জীপাল উদযাপন হ’ব । নিখুঁতভাৱে পৰিকল্পিত এমাহজোৰা অনুষ্ঠানসমূহ অতীতৰ স্মৃতিত আৰু স্থানীয় অৰুণাচল প্ৰদেশৰ ভিন্ন সম্প্ৰদায়ক জড়িত কৰাৰ প্ৰয়াস কৰা হৈছে।

মাহজোৰা উদযাপনৰ ভিতৰত যুদ্ধক্ষেত্ৰ ভ্ৰমণ, কাৰ ৰেলী, চিকিৎসা আৰু পশু চিকিৎসা শিবিৰ, দুঃসাহসিক ট্ৰেক, চাইকেল আৰু মটৰচাইকেল অভিযান আৰু ৱালঙত হাফ মাৰাথন সমাপ্ত কৰা আদি অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো অনুষ্ঠানেই ভাৰতীয় সেনাবাহিনীৰ অদম্য মনোভাব আৰু শ্বহীদ বীৰসকলৰ স্মৃতি জীয়াই ৰখাৰ সমৰ্পণৰ প্ৰতীক হ’ব(62nd Walong Day Set to Unfold With Grandeur and Reverence) ।

ৱালং যুদ্ধত ভাৰতীয় সেনা জড়িতৰ ঘটনাই দেশৰ সেনাসকলৰ দুৰ্বাৰ সাহস, নিষ্ঠা আৰু অটল মনোভাবৰ প্ৰমাণ দিয়ে । অৰুণাচল প্ৰদেশৰ দুৰ্গম ভূখণ্ডত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ ৬ নং কুমাও ৰেজিমেণ্ট, ৪ শিখ ৰেজিমেণ্ট, ২/৮ গোৰ্খা ৰাইফল, ৩/৩ গোৰ্খা ৰাইফল আৰু ৪ ডোগ্ৰাৰ জোৱানসকলে অতুলনীয় বীৰত্বৰে যুঁজি উক্ত যুদ্ধত অৱতীৰ্ণ হৈছিল । যাৰ ফলত শত্ৰুৱে ভাৰতৰ এক ইঞ্চি ভূমিতো থিয় হ’বলৈ সাহস কৰা নাছিল ।

অতি বিপদৰ সন্মুখীন হৈয়ো যি সাহস প্ৰদৰ্শন কৰিছিল সেই কথা ভাৰতীয় সামৰিক ইতিহাসৰ বুৰঞ্জীত আজিও খোদিত হৈ আছে । এই ৱালং যুদ্ধত নামটি সীমা অতিক্ৰম কৰি চীনা সেনাই হেলমেট তপ অধিগ্ৰহণ কৰিছিল । ১৯৬২ চনৰ নৱেম্বৰ মাহৰ ১৪ তাৰিখৰ পৰা চীনা সৈন্যৰ বৰ্বৰ আক্ৰমণ হৈছিল । উক্ত অঞ্চলত প্ৰায় ২,০০০ চীনা সেনাৰ সেই সময়ৰ উন্নত প্ৰযুক্তিৰ অস্ত্ৰ-শস্ত্ৰৰ সন্মুখত ভাৰতীয় সেনাৰ ৩০৩ ৰাইফাল,মৰ্টাৰ বাৰে বাৰে থমকি ৰৈছিল যদিও বীৰ জোৱানসকলে পিছলৈ উভতি অহা নাছিল । ৱালং যুদ্ধত প্ৰায় ৬০০ চীনা সৈন্যক পৰাভূত কৰিছিল ।

ৰাৱাটে জনায় যে আগন্তুক অনুষ্ঠানসমূহে সেনাবাহিনীৰ কেৱল অতীতৰ ত্যাগৰ কথা স্মৰণ কৰাই নহয়, স্থানীয় সমাজৰ সৈতেও জড়িত হৈ দেশপ্ৰেমৰ মনোভাব গঢ়ি তোলাৰ প্ৰয়াস কৰিছে । এই দিৱস উদযাপনৰ বাবে ভাৰতীয় সেনাই সকলোকে সাজু হ’বলৈ আমন্ত্ৰণ জনাইছে আৰু কঠোৰ পৰিশ্ৰম আৰু সৰ্বোচ্চ ত্যাগেৰে জাতিটোক আগবঢ়োৱা অৱদানৰ বাবে সেইসকল বীৰ জোৱানক সন্মান তথা শ্ৰদ্ধা জনাবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :Good news for Railway employees: দুৰ্গাৰ পূজাৰ পূৰ্বে ৰে’ল কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ