Local, Vocal, Global

Flyer Vomits Blood On IndiGo Mumbai Ranchi Flight : এয়াৰ ইণ্ডিয়া বিমানত যাত্ৰীৰ মৃত্যু; বিমানৰ ভিতৰতে তেজ বমি কৰি মৃত্যু যাত্ৰীৰ

নেশ্যনেল ডেস্ক,২৩আগষ্ট : বিগত কিছুদিন ধৰি বিভিন্ন ঘটনাৰাজিৰ বাবে প্ৰায়েই চৰ্চালৈ আহিছে এয়াৰ ইণ্ডিয়া(Flyer Vomits Blood On IndiGo Mumbai Ranchi Flight)। যাত্ৰীৰ ওপৰত সুৰাপায়ী সহযাত্ৰীৰ প্ৰস্ৰাৱ কাণ্ডকে ধৰি শাৰীৰিক আক্ৰমণলৈ নানা ঘটনাই দখল কৰিছে সংবাদ শিৰোনাম। এইবাৰ পোহৰলৈ আহিছে চলন্ত বিমানত যাত্ৰীৰ মৃত্যু।বিমানৰ ভিতৰত তেজ বমি কৰি মৃত্য়ু এগৰাকী যাত্ৰীৰ।ইণ্ডিগ’ৰ এখন বিমানত মুম্বাইৰ পৰা ৰাঞ্চিলৈ যাত্ৰা কৰিছিল যাত্ৰীগৰাকীয়ে ।মৃতব্যক্তিগৰাকীৰ ৬২ বছৰীয়া যাত্ৰী দেৱানন্দ তিৱাৰী বুলি চিনাক্ত কৰা হৈছে(62 Yr Old Flyer on Mumbai Ranchi IndiGo Flight Dies After Vomiting Blood Mid Air) ।

উল্লখ্য যে, এই ঘটনাটো সংঘটিত হৈছে নাগপুৰত। ইণ্ডিগ’ৰ মুম্বাই-ৰাঞ্চি বিমানত এজন যাত্ৰীয়ে হঠাৎ তেজ বমি কৰে । মুম্বাই-ৰাঞ্চি ইণ্ডিগ’ৰ বিমানে সোমবাৰে সন্ধিয়া নাগপুৰত অৱতৰণ কৰে আৰু যাত্ৰীজনক কিমছ হাস্পতাললৈ লৈ যায় (Flyer Vomits Blood On IndiGo Mumbai Ranchi Flight Dies Later) ।

নাগপুৰৰ কিমছ হাস্পতালৰ ব্ৰেণ্ডিং এণ্ড কমিউনিকেশ্যনৰ ডি জি এম এজাজ ছামীয়ে জানিবলৈ দিয়া অনুসৰি , যাত্ৰীজন চি কে ডি আৰু যক্ষ্মা ৰোগত আক্ৰান্ত আছিল আৰু সেইবাবে জাহাজখনত তেজ বমি কৰিছিল। ক্ৰনিক কিডনী ডিজিজ আৰু যক্ষ্মা ৰোগত আক্ৰান্ত ৬২ বছৰীয়া যাত্ৰীগৰাকী মুম্বাইৰ পৰা ৰাঁচীলৈ গৈ আছিল(Mumbai Ranchi flyer vomits blood on board dies midair)।

উক্ত ঘটনাৰ সন্দৰ্ভত নাগপুৰস্থিত ডাঃ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ সঞ্চালক আবিদ ৰুহীয়ে কয়,6E 5093 নম্বৰৰ ইণ্ডিগ’ বিমানখন চলন্ত অৱস্থাত থাকোতেই তেজ বমি কৰি মৃত্যুক সাৱতি লয়।যাৰ ফলত পৰিস্থিতিৰ মধ্যাকৰ্ষণতাক উমান লৈ বিমানখনে জৰুৰীকালীন অৱতৰণ কৰে নাগপুৰ বিমান বন্দৰত। নাগপুৰ বিমানবন্দৰৰ সৈতে সংযুক্ত আছিল কিমছ-কিংছৱে হাস্পতালৰ চিকিৎসাৰ দল। চিকিৎসাৰ দলটোৱে অৱতৰণৰ পাছতে তৎকালীন চিকিৎসা আগবঢ়াই ৰোগীগৰাকীক ।কিন্তু অনশেষত উন্নত চিকিৎসাৰ বাবে তেখেতক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও মৃত্য়ুক সাৱতি লয় যাত্ৰী দেৱানন্দ তিৱাৰীয়ে। এটা সপ্তাহৰ ভিতৰতে নাগপুৰ বিমানবন্দৰৰ পৰা ৰোগীক মৃত অৱস্থাত চিকিৎসাললৈ অনা এয়া দ্বিতীয়টো ঘটনা(Flyer on Indigo Mumbai Ranchi flight dies after vomiting blood mid air)।

তথ্য অনুযায়ী যোৱা ১৭ আগষ্টত নাগপুৰ-পুনে বিমান উৰুৱাবলৈ অপেক্ষা কৰি নিৰাপত্তাৰক্ষী ৰখা এলেকাত থকা এগৰাকী ৪০ বছৰীয়া পাইলটৰ হৈছিল মৃত্যু। এতিয়া পুনৰ এসপ্তাহৰ ভিতৰতে আন এক অনুৰূপ ঘটনাৰ সন্মুখীন হ’ল নাগপুৰস্থিত ডাঃ বাবাছাহেব আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ।

লগতে পঢ়ক :Airport in Andaman collapses ceiling : প্ৰধানমন্ত্ৰীৰ উদ্বোধনৰ পাঁচদিনতে ভাঙি পৰিল প’ৰ্ট ব্লেয়াৰ বিমানবন্দৰ ভৱনৰ চাদ, মোডীক সমালোচনা কংগ্ৰেছ নেতাৰ