612 gms of heroin seized in Karinganj during anti-narcotics operations : কৰিমগঞ্জত জব্দ ৬১২ গ্ৰাম হেৰ’ইন

নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : কৰিমগঞ্জত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ । মঙলবাৰে কৰিমগঞ্জ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ হেৰ’ইন ।
ৰাজ্যত অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহ । হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে শাসনলৈ আহিয়েই ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে যি হুংকাৰ দিছিল তাক ওফৰাই এতিয়াও ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছে একাংশ দুষ্টচক্ৰই । ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম । নগৰ অঞ্চলৰ লগতে এতিয়া গ্ৰামাঞ্চলটো ভয়াৱহ ৰূপত বৃদ্ধি পাইছে ড্ৰাগছ আসক্তৰ সংখ্যা । যাৰ ফলত বহু পৰিয়াললৈ নামি আহিছে ঘোৰ অমানিশা ।
বৰ্তমান সময়ত যুৱ প্ৰজন্মৰ একাংশ তিলতিলকৈ ধ্বংসৰ গৰাহলৈ গৈ থকাৰ আঁৰত আছে ড্ৰাগছ আসক্তি(Drugs peddler arrested)।
আনহাতে ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ নিৰৱিচ্ছিন্ন অভিযান । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কঠোৰ স্থিতি গ্ৰহণ কৰি থকাৰ সময়তে চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। আৰক্ষী যিমানে সষ্টম হৈছে সিমানে অপৰাধ আৰু অপৰাধীৰ সংখ্যাও বৃদ্ধি হৈ গৈ আছে। ৰাজ্যৰ বিভিন্ন স্থানলৈ নিতৌ সৰবৰাহ হৈ আছে মাৰাত্মক সামগ্ৰীৰ । একাংশ দুষ্ট চক্ৰই কৰি আছে ইয়াৰ সৰবৰাহ । ড্ৰাগছৰ লগতে একাংশ দুষ্ট চক্ৰই সৰবৰাহ কৰি আছে নিচাজাতীয় সামগ্ৰীৰ । চৰকাৰে যি নিচামুক্ত অসম গঢ়াৰ কথা কৈছিল তাক যেন উফৰাই পেলাইছে একাংশই ।
সম্প্ৰতি বৰাক উপত্যকা যেন ড্ৰাগছ সৰবৰাহৰ নিৰাপদ কৰিড’ৰত পৰিণত হৈছে। বৰাকৰ কাছাৰ- মিজোৰাম, কাছাৰ- মণিপুৰ আৰু কৰিমগঞ্জ-মিজোৰাম সীমান্তৰে প্ৰায়ে চুবুৰীয়া ৰাজ্য মণিপুৰ আৰু মিজোৰামৰ পৰা কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ সৰবৰাহ কৰি থাকে আন্তঃৰাজ্যিক ড্ৰাগছ মাফিয়া সকলে( 612 gms of heroin seized in Karinganj during anti-narcotics operations, 2 apprehended)।
এই ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই প্ৰতিদিনে জব্দ কৰি আহিছে চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ কৰা নিষিদ্ধ ড্ৰাগছ। ইয়াৰ পিচতো বন্ধ হোৱা নাই ড্ৰাগছৰ সৰবৰাহ( 612 gms of heroin seized in Karinganj during anti-narcotics operations)।
ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই মঙ্গলবাৰে পুনৰ বুজন পৰিমাণৰ হেৰ’ইন জব্দ কৰিছে কৰিমগঞ্জ আৰক্ষীয়ে।
গোপন তথ্যৰ ভিত্তিত মিজোৰামৰ পৰা অহা এখন বাহনত তালাচী চলাই আৰক্ষীয়ে বাহনখনৰ গোপন চেম্বাৰৰ পৰা কেবাটাও হেৰ’ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে। বাকচ কেইটাৰ পৰা মুঠ ৬১২ গ্ৰাম হেৰোইন জব্দ কৰা হয়। জব্দকৃত হেৰ”ইনৰ মূল্য কেবা কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে দুজন লোকক গ্ৰেপ্তাৰ কৰিছে।
লগতে পঢ়ক : Drugs Peddler Arrested : জুৰীয়াত ড্ৰাগছসহ আটক সৰবৰাহকাৰী