Mob lynching of Abhi Neel : অভি-নীল হত্যাকাণ্ডৰ ৬টা বছৰ সম্পূৰ্ণ;আজিলৈ ন্যায় নাপালে দুই পৰিয়ালে

নিউজ ডেস্ক,৮জুন : অভি-নীল হত্যাকাণ্ডৰ ৬ বছৰ সম্পূৰ্ণ। কিন্তু আজিলৈ ন্যায় নাপালে দুই পৰিয়ালে। আজিও ন্যায়ৰ অপেক্ষাত সেমেকি আছে অভি-নীলৰ পিতৃ-মাতৃৰ চকুজুৰি।
২০১৮ চনৰ ৮ জুনৰ কথা ! অসমৰ ইতিহাসৰ এক ক’লা অধ্যায়। এই দিনটোতেই গণপ্ৰহাৰত প্ৰাণ গৈছিল দুই প্ৰতিভাৰ। মৃত্যু হৈছিল অভিজিৎ নাথ আৰু নিলোৎপল দাসৰ।
৬ বছৰ পূৰ্বে আজিৰ দিনটোতেই কাৰ্বি আংলং জিলাৰ ডকমোকাত সংঘটিত হৈছিল মানৱ জাতিক নতশিৰ কৰা এক হত্যাকাণ্ড। এই হত্যাকাণ্ড ইমানে বৰ্বৰ আছিল যে, কেৱল দেশকে নহয় সমগ্ৰ বিশ্বকেই জোকাৰি গৈছিল (Mob lynching of Abhi Neel)।
২০১৮ চনৰ ৮ জুন । গুৱাহাটীৰ পৰা ডকমোকালৈ জলপ্ৰপাত উপভোগ কৰিবলৈ ফুৰিবলৈ গৈছিল গুৱাহাটীৰ বাসিন্দা অভিজিত নাথ আৰু নীলোৎপল দাস । তাত সোপাধৰাৰ সন্দেহত খেদি আহিছিল এদল নৰপিশাচে।
স্থানীয় লোকৰ উগ্ৰমূৰ্তি দেখি নীল আৰু অভিয়ে তাৰ পৰা পলাবলৈ বহুত চেষ্টা কৰিছিল। কিন্তু মৃত্যুই যেতিয়া নিজে হাত বাউল দি মাতে, কোনে পলাই সাৰিব পাৰে। আৰু এই এদল নৰপিশাচৰ হাতত প্ৰাণ হেৰুৱাইছিল গুৱাহাটীৰ দুই বন্ধু নিলোৎপল দাস আৰু অভিজিৎ নাথে । অতি নির্মমভাৱে দুই চফল ডেকাক হত্যা কৰিছিল এদল নৰপিশাচে।কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে দুই পৰিয়ালে।
ঘটনাত জড়িত ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । বৰ্তমানো কাৰাবন্দী হৈ আছে আটাইকেইটা অভিযুক্ত । নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া । গোচৰটোৰ ৭১ জনকৈ সাক্ষীৰ ৭১ জনৰ সাক্ষ্য গ্ৰহণ ইতিমধ্যেই সম্পূৰ্ণ হৈছে(6 years of horrific abhi neel incident) ।
ইফালে অভি-নীল হত্যাৰ গোচৰৰ দুই নাবালক সন্দৰ্ভত শুনানি ইতিমধ্যে সম্পন্ন হৈছে । ১১জুনত দুয়োজনৰ সন্দৰ্ভত ৰায় দিব আদালতে ।অধিবক্তাই দুয়োকে গোচৰটোৰ পৰা ৰেহাই দিবলৈ কৰিছিল আবেদন । নগাঁও সত্ৰ আদালতে এই আবেদন সন্দৰ্ভত দীঘলীয়া শুনানি গ্ৰহণ কৰে ।
উল্লেখযোগ্য যে গোচৰটোত অন্য অভিযুক্ত সকলৰ লগতে নাবালক দুজনৰ উপৰতো IPC ৰ 302,341,427,143,144,147,148,149,109,332,186 এই কেইটা ধাৰা আৰোপ কৰা হৈছিল।
লগতে পঢ়ক : Assam Businessman Shot Dead In Dimapur : নাগালেণ্ডত অসমৰ ব্যৱসায়ীক গুলীয়াই হত্যা