Local, Vocal, Global

বৰপেটাত ই-ৰিক্সাৰ খুন্দাত নিহত ৬ বছৰীয়া শিশু

নিউজ ডেস্ক, ১৭ মাৰ্চঃ বৃহস্পতিবাৰে বৰপেটা- বাঘবৰ পথত এক শোকাৱহ পথ দূৰ্ঘটনা সংঘটিত হয়। এই দূৰ্ঘটনাত এখন ই-ৰিক্সাৰ খুন্দাত এটি ৬ বছৰীয়া শিশুৰ থিতাতে মৃত্যু হয়।

এই ঘটনাৰ পিছতেই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় লোকে ৰাস্তাত টায়াৰ জ্বলাই ঘটনাটোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

ইয়াৰোপৰি স্থানীয় লোকে বহু সময় ধৰি বৰপেটা- বাঘবৰ পথ অৱৰোধ কৰে। ইয়াৰ ফলত অঞ্চলটোত তীব্ৰ যান-যটৰ সৃষ্টি হয়।