Local, Vocal, Global

Ajmer witnesses Massive Train Accident : ৰাজস্থানৰ আজমেৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

নেশ্যনেল ডেস্ক ১৮ মাৰ্চ : পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। এইবাৰ ৰাজস্থানৰ আজমেৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । দেওবাৰে নিশা সংঘটিত হয় ভয়ংকৰ ৰে’ল দুৰ্ঘটনা । দেওবাৰে নিশা প্ৰায় ১ মান বজাত আজমেৰৰ মাদাৰ ৰে’ল ষ্টেচনৰ সমীপত এই ভয়ংকৰ ৰে’ল দুৰ্ঘটনা সংঘটিত হয়(Ajmer witnesses Massive Train Accident)।

জানিব পৰা মতে, এখন মালবাহী ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষ হয় সবৰমতী-আগ্ৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ । সংঘৰ্য়ৰ পিছতে লাইনচ্যুত হয় সবৰমতী-আগ্ৰা ছুপাৰফাষ্ট এক্সপ্ৰেছ ।

প্ৰাপ্ত খবৰ অনুসৰি, এই সংঘৰ্ষৰ পিছতে সবৰমতী-আগ্ৰা ছুপাৰফাষ্ট ৰে’লখনৰ ইঞ্জিনৰ লগতে চাৰিটা ডবা মাদাৰ ৰে’ল ষ্টেচনৰ সমীপত লাইনচ্যুত হ(Sabarmati Agra super fast train derails)।

এই ভয়ংকৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় উদ্ধাৰকাৰী দল। উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ ততাতৈয়াকৈ উদ্ধাৰ অভিযান চলাই ।
এই ভয়ংকৰ দুৰ্ঘটনাত আহত হয় যদিও কোনো লোক নিহত হোৱা নাই । আহতসকলক নিকটৱৰ্তী হাস্পতালত ভৰ্তি কৰোৱা হয়(6 trains cancelled as 4 Sabarmati-Agra superfast coaches derail near Ajmer)।

এই দুৰ্ঘটনাৰ পিছতে বাতিল কৰা হয় ৬খনকৈ ৰে’ল লগতে দুখন ৰে’ল ডাইভাৰ্ট কৰা হয়।

বিষয়াসকলে জনোৱা অনুসৰি, মালবাহী ৰে’লখন সেই ট্ৰেকত থকাৰ কথা নাছিল কিন্তু এই সংঘৰ্ষ কেনেকৈ সংঘটিত হয় তাৰ তদন্ত চলি আছে।

লগতে পঢ়ক : Massive Fire Breaks Out at India Bhutan Border : ভাৰত-ভূটান সীমান্তত বিধ্বংসী অগ্নিকাণ্ড