Terrible road accident: ভয়ংকৰ পথ দুৰ্ঘটনা,নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত পৰিল বাহন
নেশ্যনেল ডেস্ক, ৬আগষ্ট : উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা ৷উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তী জিলাৰ ইকোনা অঞ্চলত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা(Terrible road accident) । এই শোকাৱহ দুৰ্ঘটনাৰ ফলত কমেও ৬জন লোক নিহত হয়(Terrible road accident in UPs Shravasti) ।
শনিবাৰে নিশা উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তী জিলাৰ ইকোনা অঞ্চলত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা । জানিব পৰা মতে এখন এছইউভি বলৰামপুৰৰ পৰা নেপালৰ নেপালগঞ্জলৰ অভিমুখে গৈ আছিল ।আৰু সেয় সময়তে গাড়ীখনে নিয়ন্ত্ৰয় হেৰুৱাই আৰু খাৱৈত পৰে(Six Nepalese Nationals Including Two Children Killed In Road Accident In UPs Shravasti) ।
ইকৌনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহিমা নাথ উপাধ্যায়ে কোৱা অনুসৰি , ‘‘দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা লোককেইজন বলৰামপুৰৰ পৰা নেপালগঞ্জলৈ অভিমুখে গৈ আছিল ।বাহনখন গৈ থকাৰ সময়ত বাহনখনৰ আগত গৰু পৰিছিল আৰু গাড়ীখনৰ চালকজনে গৰুবোৰক বচাবলৈ চেষ্টা কৰিছিল আৰু সেই সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱায় আৰু বাহনখন বাহৰেইচ বলৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ খাৱৈত পৰে ।”দুৰ্ঘটনাটোৰ ফলত কমেও ৬ জন লোক নিহত হয় আৰু বাহনখনৰ চালকজন আঘাতপ্ৰাপ্ত হয়(6 Nepalese Nationals Including 2 Children Killed In UP Accident) ।আৰু আঘাতপ্ৰাপ্ত চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষী বিষয়া উপাধ্যায়ে জানিবলৈ দিয়ে ।
লগতে আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, নিহত লোকসকলৰ ভিতৰত নেপালৰ বাসিন্দা নীতি (২০), নীলানশ (৩৬),দীপিকা(৩৫) আৰু নেপালগঞ্জ অঞ্চলৰ বাসিন্দা বৈভৱ গুপ্তা(৩৬) লগতে দুটা শিশু আছে বুলি কিন্তু সিহতৰ নাম এতিয়ালৈকে জানিব পৰা হোৱা নাই । অৱশ্যে এই শোকাৱহ দুৰ্ঘটনা মৃত্যু হোৱা আন কেইজনৰ লোকৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই ।
আৰক্ষীৰ আন এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, “আমি ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাত গোচৰ পঞ্জীয়ন কৰিছো আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো । মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পিছত হে মৃতকৰ আত্মীয়ক গতাই দিয়া হ’ব ।
লগতে পঢ়ক : Jharkhand Bus Accident : ঝাৰখণ্ডৰ গিৰিদিহত বাছ দুৰ্ঘটনা, ৪ জন নিহত, বহুলোক আহত