Local, Vocal, Global

UIDAI বাতিল কৰিলে ৬ লাখ ভুৱা আধাৰ নম্বৰ

নিউজ ডেক্স,২৬ জুলাই : UIDAI য়ে বাতিল কৰিলে প্ৰায় ৬ লাখ ভুৱা আধাৰ নম্বৰ (Aadhaar numbers)। এই সকলোবোৰ আধাৰ নম্বৰ ভুৱা আছিল বুলি ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে যোৱা সপ্তাহৰ আৰম্ভণিতে সংসদ (Parliament)ৰ অধিবেশনৰ কাৰ্যসূচীৰ সময়ত সংসদত অৱগত কৰিছিল।

ভুৱা আধাৰ কাৰ্ড (Fake Aadhaar cards) আৰু আধাৰ নম্বৰ প্ৰায়ে গুৰুতৰ অপৰাধ সংঘটিত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়, আৰু UIDAIয়ে নিয়মিতভাৱে ইয়াক নিষিদ্ধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।

লোকসভাৰ বৰ্ষাকালীন অধিবেশনৰ সময়ত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ভুৱা আধাৰ (duplicate Aadhaar) প্ৰদানৰ বিষয়টোৰ সৈতে মোকাবিলা কৰাৰ বাবে কৰ্তৃপক্ষই পদক্ষেপ গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকী আৰু উল্লেখ কৰে যে, নকল আধাৰ নম্বৰ বিষয়টো সমাধান কৰিবলৈ আধাৰ (Aadhaar) Verification কৰিবলৈ অতিৰিক্ত বৈশিষ্ট্য হিচাপে ‘মুখ’ (face) সংযোজন কৰা হৈছে, যাৰ ফলত ৫,৯৮,৯৯৯টা আধাৰ নম্বৰ বাতিল কৰা হৈছে।