Local, Vocal, Global

6 Injured In Violence Over Land Dispute : ভূ-মাফিয়াৰ সন্ত্ৰাস;জ্বলাই দিলে চাৰিটাকৈ বাসগৃহ, আহত ৬জন

জুৰীয়া, ২নৱেম্বৰ : ভূ-মাফিয়াৰ সন্ত্ৰাস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূ-মাফিয়াই চলাই আছে সন্ত্ৰাস । এইবাৰ ভূ-মাফিয়াই জ্বলাই দিলে চাৰিটাকৈ বাসগৃহ । দাউ দাউকৈ জ্বলি উঠিল বাসগৃহ কেইটা। এই অগ্নিকাণ্ড ইমানে ভয়ংকৰ আছিল যে দুজন লোক অগ্নিদগ্ধ আৰু ছয়জনলোক আহত হয়(6 Injured In Violence Over Land Dispute) ।

কিন্তু কিয় জ্বলাই দিলে বাসগৃহ কেইটা জানিব পৰা হোৱা নাই(Land Mafia in juria) ।

জানিব পৰা মতে, সুতিৰপাৰ চিতলমাৰি বিলৰ ৰহিম উদ্দিন আৰু আব্দুল ৰছিদৰ ভূমি বেদখল কৰিবলৈ আহিছিল ফইজুল ইছলাম আৰু এটা দলে। পুৱা প্ৰায় ৮ মান বজাত ফইজুল ইছলামে হাতে হাতে চোকা অস্ত্ৰসহ প্ৰায় ১০/১২ জনীয়া এটা দল লগত লৈ ৰহিম উদ্দিনৰ ভূমি বেদখল কৰিবলৈ চেষ্টা কৰিছিল যদিও ৰহিম উদ্দিনৰ পৰিয়ালে বাধা প্ৰদান কৰে(6 Injured In Violence Over Land Dispute In Nagaon)।

বাধা প্ৰদান পিছত দুয়ো পক্ষৰ আক্ৰমণ প্ৰত্যাক্ৰমণত ছয়জনকৈ লোক আহত হয় । আনফালে ফইজুল ইছলামৰ পক্ষই ৰহিম উদ্দিনৰ চাৰিটা কৈ বাসগৃহ জ্বলাই দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে আহত সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অগ্নিদগ্ধ দুজন দিলদাৰ হুছেইন আৰু ছুকোৰি খাতুন।ইতিমধ্যে এলেকাটোত উত্তেজনা পৰিবেশ বিৰাজ কৰি আছে।

লগতে পঢ়ক : Opposition Unity Forum Meeting Held : ডিব্ৰুগড়ত বিৰোধী ঐক্য মঞ্চৰ গুৰুত্বপূৰ্ণ বৈঠক