6 Dead After Fire Breaks Out Glove Factory Maharashtra : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা; মৃত্যু ৬জন, আহত ৪জন

নেশ্যনেল ডেস্ক, ৩১ডিচেম্বৰ : ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা । দেওবাৰে পুৱতি নিশা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো । মহাৰাষ্ট্ৰৰ ছত্ৰপতি সম্ভাজী নগৰত এটা ফেক্টৰীত ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলত ৬ জনকৈ শ্ৰমিক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয় বুলি জানিব পৰা গৈছে ৷ আহত ৬জন শ্ৰমিকৰ ভিতৰত ৪ জনৰ অৱস্থা সংকটজনক(6 Dead in Massive Fire at Gloves Factory in Maharashtra, Many Injured) ৷
ঘটনাৰ বিৱৰণি অনুসৰি, ছত্ৰপতি সম্ভাজীনগৰৰ ৱালুজ ঔদ্যোগিক এলেকাৰ চি ২১৬ ত থকা এখন হাত মোজা নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ ভিতৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ সময়ত কেইবাজনো শ্ৰমিক কৰ্মৰত হৈ আছিল আৰু আনকেইবাজনো শ্ৰমিক শুই আছিল ৷ যেতিয়া শুই থকা শ্ৰমিকে গৰম অনুভৱ কৰিছিল তেতিয়া সাৰ পাই ৰুমৰ ভিতৰৰ পৰা বাহিৰলৈ যোৱাৰ চেষ্টা কৰিছিল ৷ কিন্তু জুয়ে বিধ্বংসী ৰূপ ধাৰণ কৰি প্ৰস্থানৰ দ্বাৰ ঘেৰি ধৰিছিল ৷
কেইবাজনো শ্ৰমিকে জুই প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ জখলাৰ সহায়ত বাহিৰলৈ ওলাই আহিছিল । কিন্তু ছয়জন শ্ৰমিক বাহিৰলৈ ওলাই আহিব নোৱাৰিলে । ফলত শ্বাসৰুদ্ধ হৈ তেওঁলোক মৃত্যু হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে(6 Dead After Fire Breaks Out Glove Factory Maharashtra) ৷
নিহত শ্ৰমিক কেইজন ক্ৰমে ভল্লা শ্বেখ (৬৫), কৌছাৰ শ্বেখ, ইকবাল শ্বেখ মাগাৰুফ শ্বেখ বুলি চিনাক্ত কৰা হৈছে ৷ অৱশ্যে দুজন লোকৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদি তেওঁলোক মিৰ্জাপুৰৰ বাসিন্দা আছিল ৷
ইফালে ঘটনাত আহত কেইজন হ’ল আকবৰ আলী, লাটকুন শ্বেখ, আফ্ৰোজ শ্বেখ, দিলীপ কুমাৰ ৷ আটাইকেইজন বিহাৰৰ মিৰ্জাপুৰৰ ৷
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় আৰু জুই নিৰ্বাপিত কৰে ৷ জুই নিৰ্বাপন কৰিবলৈ প্ৰায় চাৰি ঘণ্টা সময় লাগে(6 Dead After Massive Fire In Maharashtra Glove Factory)।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও কি কাৰণে জুইৰ সূত্ৰপাত হ’ল সেয়া বৰ্তমানেও জানিব পৰা নাই(6 Dead as Massive Fire Breaks Out in Factory in Maharashtr) ৷