Car falls into well : যাত্ৰীভৰ্তি বাহন সোমাল কুঁৱাত, ৬ গৰাকী লোকৰ মৃত্যুৰ লগতে ৩ গৰাকী গুৰুতৰভাৱে আহত
নেশ্যনেল ডেস্ক, ৫ জুলাই: ঝাৰখণ্ডৰ হাজাৰিবাঘ জিলাৰ পদ্মা ব্লকৰ অন্তৰ্গত ৰোমী গাঁৱৰ সমীপত মঙলবাৰে সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা (Car falls into well in Jharkhand) । চলন্ত এখন বাহন কুঁৱাত পৰাৰ ফলত বাহনখনত থকা ৬ গৰাকী লোক নিহত হোৱাৰ লগতে তিনিগৰাকী লোক আহত হয় (Many people killed in road accident) ।
হাজাৰিবাঘ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, “হাজাৰিবাঘ জিলাৰ পদ্ম ব্লকৰ অন্তৰ্গত ৰোমী গাঁৱৰ সমীপত দিনৰ প্ৰায় ১:৩০ বজাত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত ৬ গৰাকী লোকৰ মৃত্যু ঘটে। গাঁৱৰ ৰাইজৰ সহাযোগত স্থানীয় আৰক্ষীয়ে গুৰুতৰভাৱে আহত ৩ গৰাকী লোকক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে” ।
প্ৰাপ্ত খবৰ অনুসৰি, ৩৩ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত বাহনখনৰ চালকে নিয়ন্ত্ৰণ হেৰুৱাই (Driver lost control) । ইয়াৰ পিছতে বাহনখনে প্ৰথমে এখন মটৰ চাইকেলত খুন্দা মাৰে আৰু তাৰ পিছত এটা কুঁৱাত পৰেগৈ । এই ভয়াৱহ দুৰ্ঘটনাটোত এটি শিশুসহ ৬ গৰাকী লোকৰ মৃত্যু ঘটে। দুৰ্ঘটনাটোত পতিত যাত্ৰীসকলে বিহাৰৰ দ্বাৰভঙাৰ কালী দেৱীৰ মন্দিৰ দৰ্শন কৰি ঘৰলৈ বুলি উভতি আহিছিল (Goddess Kali temple in Darbhanga) । তেওঁলোক আটাইয়ে দুদিন পূৰ্বে দৰভংগালৈ গৈছিল ।
হাজৰিবাগৰ মাণ্ডাই গাঁৱৰ বাসিন্দা আছিল যাত্ৰীসকল । পৰৱৰ্তী সময়ত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহায়ত ক্ৰেনৰ দ্বাৰা বাহনখন কুঁৱাৰ পৰা উলিয়াই অনাৰ ব্যৱস্থা কৰা হয়। ইফালে আহতসকলক শ্বেখ ভিখাৰী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে (Sheikh Bhikhari medical college) ।