পহিলা এপ্ৰিলৰ পৰা প্ৰতি ইউনিট বিদ্যুতত ৫৯ পইচাকৈ বৃদ্ধি
নিউজ ডেস্ক, ২২ মাৰ্চ : ৰঙালী বিহুৰ প্ৰাকক্ষণত সাধাৰণ জনতাক মাধমাৰ শোধালে চৰকাৰে। ক’ভিড সৃষ্ট পৰিৱেশে অৰ্থনৈতিকভাৱে জুৰুলা কৰি তুলিছে সমগ্ৰ বিশ্বক। পহিলা এপ্ৰিলৰ পৰা প্ৰতি ইউনিট ঘৰুৱা বিদ্যুতত ৫৯ পইচাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।

আনহাতে, বৰ্তমান প্ৰতি ইউনিট বিদ্যুতৰ নিৰিখ ৬.৮০ টকা হৈ আছে যদিও অহা এপ্ৰিলৰ পৰা ৭.২০ টকা হ’ব। একেদৰে ১০ টকাকৈ বৃদ্ধি পাব ‘ ফিক্সড চাৰ্জ ‘। বিদ্যুৎ নিয়ামক আয়োগৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে এ পি ডি চি এলে বিদ্যুৎ মাচুল ৩৮ শতাংশ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। এই প্ৰস্তাৱ মানি প্ৰতি ইউনিট বিদ্যুতত ৮ শতাংশ বৃদ্ধি কৰি ৫৯ পইচাকৈ বৃদ্ধি কৰিছে।