Local, Vocal, Global

576th birth anniversary of Srimanta Sankardev celebrated : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে বটদ্রৱা থানত “শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ” শীৰ্ষক ভাওনা পৰিবেশন

ধিং,১৩অক্টোবৰ : মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে বটদ্রৱা থানত “শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ” শীৰ্ষক ভাওনা পৰিবেশন কৰা হয়। বটদ্ৰৱা থানৰ নাটঘৰত শনিবাৰ নিশা গুৰুজনাৰ কৃষ্টি- সংস্কৃতি প্ৰতিফলিত কৰি সত্ৰৰ শিশুৰ পৰা জ্যেষ্ঠ সকলোৱে একত্ৰিত হৈ পৰিবেশন কৰে “শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ” ভাওনা(576th birth anniversary of Srimanta Sankardev celebrated )।

বটদ্ৰৱা থানত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত মহাপুৰুষ শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উৎসৱৰ প্ৰথম দিনা পুৱাৰে পৰা নিত্য-নৈমিত্তিক প্ৰসংগ পালন কৰা হয়। ইয়াৰ উপৰি দুপৰীয়া সাংস্কৃতিক শোভাযাত্ৰা, বিয়লি চৰিত পাঠ, সন্ধিয়া সহস্ৰ বন্তি প্ৰজ্বলনেৰে আলোকময় কৰা হয়।

নিশা ৮-০০ বজাত গায়ন-বায়নে পূৰ্ব ৰংগৰে ভাওনাৰ আৰম্ভণি কৰে। মাজনিশালৈ অনুষ্ঠিত এই ভাওনা উপভোগ কৰি তথা ভগৱান শ্ৰীকৃষ্ণৰ লীলা মাহাত্ম্য দৰ্শন-শ্ৰৱণ কৰি উপস্থিত ৰাইজ মন্ত্ৰমুগ্ধ হৈ পৰে বুলি উদ্যোক্তাই জনায়।

লগতে পঢ়ক :Wild Elephanat death in Kaliabor: কলিয়াবৰত বনৰীয়া হাতীৰ কৰুণ মৃত্যু; সৰু টিলাৰ পৰা পিছলি পৰি মৃত্যু বন্যহস্তীৰ