Local, Vocal, Global

Israel-Hamas War : গাজাত ৫৫০টা বিফল পেলেষ্টাইনী ৰকেট উৎক্ষেপণ ধৰা পৰিছে

ইণ্টাৰনেশ্যনেল ডেস্ক,২২ অক্টোবৰ : অব্যাহত আছে ইজৰাইল আৰু পেলেস্তাইনীৰ বিশ্ব কঁপাই যোৱা যুদ্ধ । ৭অক্টোবৰত হৈছিল ইজৰাইল-পেলেষ্টাইনৰ বিশ্ব কঁপাই যোৱা যুদ্ধ, তাৰ পিছতে দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিৱেশৰ । ৭অক্টোবৰত পেলেষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠনৰ বৃহত আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত । তাৰ পিছতে যেন দুয়োখন দেশৰ মাজত যুদ্ধ বন্ধ হোৱাৰ নাম লোৱা নাই ।বৰ্তমান ইজৰাইল-হামাছৰ যুদ্ধয়ে লৈছে বিধ্বংসী ৰূপ(550 failed Palestinian rocket launches detected in Gaza) ৷

ইজৰাইল আৰু পেলেস্তাইনীৰ সংঘৰ্ষৰ মাজতে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে প্ৰকাশ কৰিছে এক গুৰুত্বপূৰ্ণ তথ্য(Israel-Hamas War) ।

প্ৰতিৰক্ষা বাহিনীৰ প্ৰকাশ কৰা অনুসৰি, ইজৰাইল আৰু পেলেস্তাইনীৰ যুদ্ধই পেলেস্তাইনী সন্ত্ৰাসবাদীৰ প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণ ধৰা পেলাইছে । সন্ত্ৰাসবাদী সংগঠন হামাছে গাজা ষ্ট্ৰিপৰ বাসিন্দাসকলক মানৱ ঢাল আৰু অসামৰিক আন্তঃগাঁথনিৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে । যুদ্ধৰ আৰম্ভণিৰ পৰা প্ৰতিৰক্ষা বাহিনীয়ে গাজা ষ্ট্ৰিপৰ পৰা নিক্ষেপ কৰা প্ৰায় ৫৫০ টা ৰকেটৰ বিফল উৎক্ষেপণ চিনাক্ত কৰিছে(550 failed Palestinian rocket launches detected in Gaza, says Israel) ।

ইফালে গাজাৰ পৰা উৎক্ষেপণ কৰা ৰকেট বেৰেজৰ ফুটেজো মুকলি কৰে প্ৰতিৰক্ষা বাহিনীয়ে য’ত কেইবাটাও ৰকেট গাজা ষ্ট্ৰিপত আঘাত কৰা দেখা গৈছে । সন্ত্ৰাসবাদীয়ে দক্ষিণ আৰু মধ্য ইজৰাইলত প্ৰচণ্ড ৰকেট আক্ৰমণ অব্যাহত ৰাখিছে ।

তাৰ মাজতে মঙলবাৰে নিশা মিচফায়াৰ কৰা পেলেস্তাইনী ইছলামিক জিহাদৰ এটা ৰকেটে উত্তৰ গাজাৰ আল আহলি চিকিৎসালয়ত আঘাত কৰে বুলি দাবী কৰে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে ।

ইফালে ৰকেট আক্ৰমণৰ ফলত ৰিচন লেটজিয়ন, পেটাচ টিকভাহ, বিনেই ব্ৰেক, ৰামাত গান বাট য়াম আৰু অন্যান্য অঞ্চলত আতংকই বিৰাজ কৰিছে ।

হামাছৰ সূত্ৰই দাবী কৰা মতে, আল আহলি চিকিৎসালয়ত হোৱা বিস্ফোৰণত ৪৭১ গৰাকী পেলেস্তাইনী নিহত হৈছে । অৱশ্যে এই সন্দৰ্ভত স্বতন্ত্ৰভাৱে পৰীক্ষা কৰা হোৱা নাই । হামাছ আৰু আৰৱ ৰাষ্ট্ৰই এই ৰকেট আক্ৰমণত ইজৰাইলক দোষাৰোপ কৰে । ইফালে ইজৰাইল প্ৰতিৰক্ষা বাহিনীয়ে অভিযোগ কৰা মতে ইচ্ছাকৃতভাৱে পেলেস্তাইনী সন্ত্ৰাসবাদীয়ে চিকিৎসালয়ত বিস্ফোৰণ কৰিছে । ইজৰাইলে দাবী কৰা মতে বিস্ফোৰণটো মিচফায়াৰ কৰা পেলেস্তাইনী ইছলামিক জিহাদৰ ৰকেটৰ ফলত সংঘটিত হৈছিল । ইজৰাইলে মোশাৱ নেতিভ হা’আচাৰাত নিৰাপত্তা কেমেৰাত ধৰা পৰা ভিডিঅ’ ফুটেজো মুকলি কৰিছে । যোৱা মে’ মাহত সংঘৰ্ষৰ সময়ত পেলেস্তাইনী ইছলামিক জিহাদৰ এটা ৰকেটৰ উৎক্ষেপণ বিফল হয় য’ত গাজাৰ ৪ গৰাকী নাগৰিক নিহত হয় ।

লগতে পঢ়ক :Rishi Sunak arrives in Israel : ইজৰাইলত উপস্থিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনাক