Local, Vocal, Global

53 Dead In Massive Tibet Earthquake : চাৰিখনকৈ দেশত ভূমিকম্পৰ জোকাৰণি, তিব্বতত ৫৩ জনৰ মৃত্যু

নিউজ ডেস্ক,৭জানুৱাৰী : মঙলবাৰে পুৱা ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি । চাৰিখনকৈ দেশত প্ৰবল ভূমিকম্পৰ জোকাৰণি ৷ ভাৰত, ইৰাণ, নেপাল, তিব্বতত এই তীব্ৰ জোকাৰণি ৷ চীনৰ এই ভূমিকম্পৰ জোঁকাৰণি অসমতো অনুভূত হয়। ইয়াৰ তীব্ৰতা আছিল ৭.১ ৰিখটাৰ স্কেলতকৈ অধিক( 53 Dead In Massive Tibet Earthquake)।

নেপালৰ এই ভূমিকম্পৰ পিছতে ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে কিছু দৃশ্য, য’ত মানুহে ভয়তে ইফালে সিফালে দৌৰি ফুৰা দেখা গৈছে ।

মঙলবাৰে পুৱা নেপাল-চীন সীমান্ত অঞ্চলৰ সমীপত অনুভূত হোৱা ভূমিকম্পৰ প্ৰভাৱ বিহাৰৰ শ্বেওহৰ জিলাতো পৰিছে ৷ এই কথা সংবাদ সংস্থা ANI ৰ আগত সদৰী কৰিছে বিভাগীয় কৰ্তৃপক্ষই ৷

শেহতীয়াকৈ ছিনহুয়াৰ সংবাদ সংস্থাৰ উদ্ধৃতিৰে সংবাদ সংস্থা AFP-এ প্ৰকাশ কৰা তথ্য অনুসৰি, এই ভূমিকম্পৰ ফলত তিব্বতত ৫৩ জন লোকৰ মৃত্যু হৈছে ৷ ইতিমধ্যে বহু লোক আহত হৈছে বুলিও জানিব পৰা গৈছে ৷

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, আজি পুৱা নেপালত প্ৰবল ভূমিকম্পৰ ভূমিকম্প অনুভৱ কৰা হয় । ভূমিকম্পৰ জোকাৰণিৰ ফলত মানুহ ভয়তে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহে । জানিব পৰা মতে, প্ৰায় ১৫ ছেকেণ্ডলৈকে মানুহে এই ভূমিকম্পৰ জোকাৰণি অনুভৱ কৰে । ভূমিকম্পৰ তীব্ৰতা ইমানেই বেছি আছিল যে পশ্চিম বংগ, শিলিগুৰি, বিহাৰ, উত্তৰ প্ৰদেশ আদি বহু ঠাইত ইয়াৰ কম্পন অনুভৱ কৰে । এই জোকাৰণিৰ প্ৰভাৱ তিব্বত আৰু ইৰাণৰো কিছু অঞ্চলত পৰে ৷

লগতে পঢ়ক :Assam Coal Mine Tragedy: কয়লা খনিত আবদ্ধ হোৱা ৩ শ্ৰমিকৰ মৃত্যু;ড্ৰোন কেমেৰাত স্পষ্ট ৩ শ্ৰমিক ওপঙি থকাৰ দৃশ্য