Local, Vocal, Global

52 killed in clashes in the disputed oil-rich African region of Abyei : ভূমি বিবাদক কেন্দ্ৰ বন্দুকধাৰী দুৰ্বৃত্তৰ গুলীচালনা ! নিহত ৫২, আহত ৬৮

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ জানুৱাৰী : ছুডানত গুলীচালনাৰ ঘটনা । গুলীচলানাৰ ফলত নিহত ৫২ গৰাকীকৈ লোক ।

ছুডানত অবেই অঞ্চলত সংঘটিত হৈছে এক হিংসাত্মক ঘটনা ৷ছুডানৰ এখন গাঁৱত একাংশ লোকৰ সৈতে সংঘৰ্ষ বন্দুকধাৰী দুৰ্বৃত্তৰ ৷ সংঘৰ্ষত গুৰুতৰভাৱে আহত হৈছে ৬৪ গৰাকী লোক৷ লগতে নিহত হয় ৫২গৰাকীকৈ লোক । নিহতসকলৰ ভিতৰত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীৰ এজন সদস্যও আছিল বুলি জানিব পৰা গৈছে(52 killed as gunmen open fire at villagers in disputed African region of Abyei) ৷

জানিব পৰা মতে, ভূমি বিবাদক কেন্দ্ৰ কৰি এই সংঘৰ্ষ হৈছিল(52 killed in clashes in the disputed oil-rich African ) ৷

উল্লেখ্য যে, আবাইৰ হৈছে ছুডান আৰু দক্ষিণ ছুডানৰ মাজত অৱস্থিত ৰাষ্ট্ৰসংঘৰ নিয়ন্ত্ৰণাধীন এক এলেকা ৷ উক্ত অঞ্চলটোত পোৱা যায় খাৰুৱা তেল ৷ যাৰ বাবে আবাই নামৰ এলেকাটোক লৈ ছুডান আৰু দক্ষিণ ছুডানৰ মাজত সংঘাত প্ৰায়ে চলি থাকে ৷

শনিবাৰৰ ঘটনাৰ সন্দৰ্ভত এজন বিষয়াই জনোৱা অনুসৰি, ছুডান আৰু দক্ষিণ ছুডান দুয়োখনেই দাবী কৰা আবাইত এক অস্ত্ৰধাৰী দুৰ্বৃত্তই আক্ৰমণ চলাই সাধাৰণ লোকৰ ওপৰত ৷ ফলত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষীসহ প্ৰায় ৫২ জন লোক নিহত আৰু ৬৮ জন আহত হয় ।

এই ঘটনা সন্দৰ্ভত আবাইৰ তথ্য মন্ত্ৰী বুলিছ কোচে সংবাদ মধ্যমৰ আগত কয় যে, অঞ্চলটোত গোষ্ঠীগত সংঘৰ্ষ সঘনাই দেখা পোৱা যায় ৷ য’ত চুবুৰীয়া ৱাৰ্ৰাপ ৰাজ্যৰ টুইক ডিংকা জনজাতীয় সদস্যসকল সীমান্তত অৱস্থিত আবাইৰ নগক ডিংকাৰ সৈতে ভূমি বিবাদত লিপ্ত হয় । শনিবাৰে সংঘটিত হিংসাত্মক ঘটনাত আক্ৰমণকাৰীসকল নুয়েৰ জনজাতিৰ সশস্ত্ৰ যুৱক আছিল ৷ যিসকলে বিগত বছৰ বানপানীৰ বাবে ৱাৰ্ৰাপ ৰাজ্যলৈ প্ৰব্ৰজন কৰিছিল(52 killed in clashes in the disputed oil-rich African region of Abyei) ৷

লগতে পঢ়ক : 2 dead, 2 officers injured in Florida shootout :ভয়ংকৰ গুলীচালনাৰ ঘটনা;নিহত দুজন, আহত দুজন আৰক্ষী বিষয়া