Local, Vocal, Global

51 foot statue of sage Parshuram to come up on holy river bank in Arunachal : অৰুণাচল পৰ্যটন উদ্যোগৰ বাবে সুখবৰ

নিউজ ডেস্ক,৪জুলাই : অৰুণাচলৰ পৰ্যটনৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ(51 foot statue of sage Parshuram to come up on holy river bank in Arunachal)।

কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ অধীনত অৰুণাচলৰ লোহিত জিলাৰ লোহিত নদীৰ পাৰত স্থাপন কৰা হ’ব পৰশুৰামৰ বিশাল মূৰ্তি। ইতিমধ্যে এই প্ৰকল্পৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৱণ্টন দিছে ৩৭.৮৭ কোটি টকা । পৰশুৰাম কুণ্ডক দেশৰ অন্যতম তীৰ্থভূমিৰ লগতে পৰ্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছে চৰকাৰে। প্ৰস্তাৱিত প্ৰকল্প অনুসৰি লোহিত নদীৰ পাৰত নিৰ্মাণ কৰিব লগা পৰশুৰামৰ মূৰ্তিটোৰ উচ্চতা হ’ব ৫১ ফুট(51 feet statue of Sage Parshuram to Come up on Holy bank in Lohit)।

পৰশুৰাম কুণ্ডত স্থাপন হোৱা মুৰ্তিটো অহা বৰ্ষৰ জানুৱাৰী মাহৰ মকৰ সংক্ৰান্তিৰ সময়তে উন্মোচন হোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক : Pobitora Wildlife Sanctuary Flooded : কাজিৰঙাৰ পিছত এইবাৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে এশিঙিয়া গঁড়ৰ ৰম্যভূমি পবিতৰাত