Local, Vocal, Global

ভাষা আন্দোলনৰ প্ৰথম শ্বহিদ মোজাম্মিল হকৰ ৫০ সংখ্যক মৃত্যু তিথি

নিউজ ডেস্ক: গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত শিক্ষাৰ মাধ্যম আঞ্চলিক ভষা অসমীয়া কৰিবলৈ যুক্তিসন্মত সিদ্ধান্ত গ্ৰহণ কৰাৰ লগে লগেই আৰম্ভ হৈছিল ১৯৭২ চনত মাধ্যম আন্দোলন ৷

১৯৭২ চনৰ ৫ অক্টোবৰ তাৰিখৰ পিকেটিংকাৰী হিচাপে মঙলদৈৰ পৰা খাৰুপেটীয়ালৈ গৈছিল অষ্টম শ্ৰেণীৰ ছাত্ৰ মোজাম্মিল হক। উগ্ৰ বঙালী দুষ্কৃতিকাৰীয়ে খাৰুপেটীয়াত নিৰ্মমভাৱে প্ৰহাৰ কৰি অতি গুৰুতৰ ভাৱে আহত কৰিছিল মোজাম্মিলক।

মুমূৰ্ষু অৱস্থাত উন্নত চিকিৎসাৰ বাবে মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত ভৰ্ত্তি কৰিছিল যদিও ১৯৭২ চনৰ৬ অক্টোবৰ তাৰিখে ডাক্তৰে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল মোজাম্মিলক। কলিতে মৰহি গ’ল এগৰাকী অসমীয়া ভাষাৰ পূজাৰীৰ ।

সেই তেতিয়াৰ পৰাই মাত্ৰ ১৫ বছৰ বয়ষতে চিৰ চেনেহী মোৰ ভাষা জননীৰ পূজাৰ বেদীত প্ৰাণ আহুতি দিয়া মোজাম্মিল হকক ১৯৭২ ৰ ভাষা আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ হিচাপে ঘোষণা কৰা হয় ৷