পুনৰ ৫ যুৱকে যোগদান কৰিলে আলফা স্বাধীনত

নিউজ ডেস্ক, ২০ মাৰ্চ : ৰাজ্যত যুৱক-যুৱতীয়ে আলফাত যোগদানৰ ঘটনা অব্যাহত থকাৰ সনয়তে আলফা (স্বাধীন)ত যোগ দিছে অসমৰ পাঁচ যুৱকে। আৰক্ষী সূত্র মতে, শিক্ষিত যুৱককেইজনে বিগত কেইটামান দিনত ঘৰ এৰি অৰুণাচল হৈ আলফাৰ শিবিৰত উপস্থিত হৈছে। আৰক্ষীয়ে জনোৱা মতে, আলফাত যোগ দিয়া যুৱককেইজন হৈছে নগাঁৱৰ কামপুৰৰ তন্ময় বৰা, দীপঙ্কৰ গোৱালা, সুভাষ হীৰা। তিনিচুকীয়াৰ পৰা যোগ দিছে মাকুমৰ সেউজ মৰাণ আৰু মঙ্গলদৈৰ হীৰকজ্যোতি বৰাই। কামপুৰৰ তিনি যুৱক বাহিৰত কর্মৰত আছিল। এসপ্তাহ পূৰ্বে তেওঁলোক ঘৰলৈ উভটিছিল।
আনহাতে, সুভাষৰ জন্মদিনৰ পার্টিলৈ যোৱাৰ নামত ওলাই গৈ তেওঁলোক আৰু উভতি নাহে। যুৱক তিনিজনৰ পৰিয়ালে আলফা প্রধান পৰেশ বৰুৱা আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ ওচৰত ল’ৰাকেইজনক উভতাই অনাৰ আবেদন জনাইছে।