WATCH | 5 schools in Kamrup issued show-cause notice : মেট্ৰিক পৰীক্ষাত শোচনীয় ফলাফলক লৈ ৫খন বিদ্যালয়লৈ শ্ব’কজ
নিউজ ডেস্ক,১২এপ্ৰিল : মেট্ৰিক পৰীক্ষাত শোচনীয় ফলাফলক লৈ ৫খন বিদ্যালয়লৈ শ্ব’কজ। শুকুৰবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ।
মেট্ৰিক পৰীক্ষাত শোচনীয় ফলাফলক লৈ কঠোৰ শিক্ষা বিভাগ। মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ গুৱাহাটীৰ শিক্ষানুষ্ঠানলৈ শ্ব’কজ।
ফলাফল নিম্নমান হোৱাত গুৱাহাটীৰ ৫খন বিদ্যালয়লৈ শ্ব’কজ । পাঁচখন বিদ্যালয়ে লাভ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী । শ্ব’কজ জাৰি কৰিলে মহানগৰ জিলাৰ IS দীপিকা চৌধুৰীয়ে(5 schools in Kamrup issued show-cause notice)।
শ্ব’কজ জাৰি কৰা বিদ্যালয় কেইখন হৈছে ক্ৰমে- বৰসজাই হাইস্কুল, মালিগাওঁ হাইস্কুল, এন পি এম ই হাইস্কুল, পিলিংকাটা হাইস্কুল আৰু দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
সকলো বিদ্যালয়ে পৰীক্ষাৰ ফলাফলক লৈ ব্যস্ত হৈ থকাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ পাঁচখন বিদ্যালয়ে লাভ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী ।
পৰীক্ষাৰ ফলাফল ভাল নোহোৱাৰ বাবে পাঁচখন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পাছতেই শুকুৰবাৰে কামৰূপ (মহানগৰ) জিলাৰ ৫ খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয় ।
কালি ঘোষিত ফলাফল অনুসৰি জিলাখনৰ এই ৫ খন বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ২৫ শতাংশতকৈ কম।
লগতে পঢ়ক : WATCH | Waqf Act 2025: ৱাকফ সংশোধনী আইন প্ৰত্যাহাৰৰ দাবীত উত্তাল প্ৰতিবাদ কাছাৰৰ কালাইনত