Local, Vocal, Global

5 of family dead in LPG cylinder blast in UP’s Kakori : বিবাহ বাৰ্ষিকী খাবলৈ যোৱাৱে হ’ল কাল; জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫জন, আহত ৪জন

নেশ্যনেল ডেস্ক, ৬ মাৰ্চ : বিবাহ বাৰ্ষিকী খাবলৈ যোৱাৱে হ’ল কাল । ভয়ংকৰ অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৫জনকৈ লোকৰ,গুৰুতৰভাৱে আহত ৪জনকৈ লোক । উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো(5 of family dead in LPG cylinder blast in UP’s Kakori) ।

মঙলবাৰে নিশা প্ৰায় ১০.৩০ বজাত উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ কাকোৰী চহৰৰ হাটা হজৰত চাহেব ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড । মুশ্বীৰ আৰু বানোৰ নামৰ লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো ।

জানিব পৰা মতে,মুশ্বীৰ আৰু বানোৰ নামৰ লোক দুজনৰ বিবাহ বাৰ্ষিকী আছিল সেই উপলক্ষে কিছু লোক গোট খাইছিল । এই সময়চোৱাত নিশা প্ৰায় ১০.৩০ বজাত ঘৰৰ দ্বিতীয় মহলাত শ্বৰ্ট চাৰ্কিটৰ ফলত ওচৰতে ৰখা দুটা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ বিস্ফোৰণটো ইমানেই ভয়ংকৰ আছিল নিমিষতে বিয়পি পৰে আৰু জীৱন্তে অগ্নিদগ্ধ হয় ঘৰৰ ভিতৰত উপস্থিত থকা লোকসকল( Twin Cylinder Blast Kills 5 Of Family In Lucknow; 4 Others Injured) ।

এই অগ্নিকাণ্ডৰ ফলত ৫ জন লোক অগ্নিদগ্ধ হৈ অকাল মৃত্যুক আঁকোৱালি লোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে অগ্নিদগ্ধ হয় ৷

জীৱন্তে অগ্নিদগ্ধ মৃত্যু মুখত পৰা লোককেইজন মুশ্বীৰ, হুছন বানো, উমা, হিনা আৰু ৰাইয়া বুলি জানিব পৰা গৈছে আনহাতে গুৰুতৰভাৱে আহত হোৱা লোকসকল মুশ্বীৰৰ কন্যা ঈশা (১৭), লকাব (২১), আজমদ (৩৪) আৰু মুশ্বীৰৰ ভাতৃ বাবলুৰ কন্যা আনম (১৮ বছৰ) ।

ইফালে এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু আহত লোকসকলক উদ্ধাৰ কৰি তাতৈয়াকৈ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰে।

আনহাতে অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহনে বহু সময় ধৰি চলোৱা চেষ্টাৰ পাচত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । ইফালে অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পাচতেই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী উপস্থিত হয়( Twin Cylinder Blast Kills 5 Of Family In Lucknow; 4 Others Injured) ।

লগতে পঢ়ক : Farmers Protest : পুনৰ প্ৰতিবাদী কৃষকৰ দিল্লী অভিমুখী যাত্ৰা; কটকটীয়া নিৰাপত্তা ব্যৱস্থা