ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৫ গৰাকী লোকৰ শোকাৱহ মৃত্যু
নিউজ ডেস্ক,৮ মাৰ্চঃ সোমবাৰে মাজনিশা প্ৰায় ১.৪৫ বজাত কেৰেলাৰ বাৰকালাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৫গৰাকী লোক একেসময়তে কৰুণভাৱে মৃত্যুক সাৱটি লয়।
এই ভয়ংকৰ বিষ্ফোৰণত মৃত লোকসকল হৈছে- প্ৰথাপন, চাৰ্লি, অখিল, ৰিয়ান আৰু আঠমহীয়া শিশু অভিৰামী।
মাজনিশা চুবুৰীয়াই জুইৰ লেলীহান শিখা দেখা পোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও সফল হ’ব নোৱাৰে।
এই ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ সংঘটিত হ’ল সেই সন্দৰ্ভত কোনো তথ্য জানিব পৰা নাই। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।