Local, Vocal, Global

অমৃতসৰৰ বিএছএফ কেম্পত গুলীচালনা-নিহত ৫ জন

নিউজ ডেস্ক,৬ মাৰ্চঃ দেওবাৰে পুৱা পঞ্জাৱৰ অমৃতসৰৰ বিএছএফৰ এটা কেম্পত গুলীচালনাৰ ঘটনা সংঘটিত হয়। গুলীচালনা কৰা কণিষ্টবলসহ প্ৰায় পাঁচজন বিএছএফ জোৱানৰ এই ঘটনাত মৃত্যু হয়। লগতে এজন গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয়।
    এই ঘটনাত কেপ্তেইন সতেপ্পা এছ কেও আঘাটপ্ৰাপ্ত হয়। আহত ৬জনৰ ভিতৰত কেপ্তেইন সতেপ্পাকে ধৰি ৫জনে প্ৰাণ হেৰুৱায়। ইফালে আহতজনক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
  ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনাৰ সূত্ৰপাত কেনেকৈ হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।