5 killed as parachute fails to open during aid drop in Gaza : গাজা শৰণাৰ্থী শিবিৰত শোকাৱহ ঘটনা;খাদ্যৰ অপেক্ষাত ৰৈ থকা ৫জন লোকৰ মৃত্যু

ইণ্টাৰনেশ্যনেল ডেস্ক, ৯মাৰ্চ : গাজা শৰণাৰ্থী শিবিৰত শোকাৱহ ঘটনা । খাদ্যৰ অপেক্ষাত ৰৈ থকা ৫জন লোকৰ মৃত্যু ।আহত কেইবাজনো ।শুকুৰবাৰে সংঘটিত হৈছে এই ঘটনাটো( 5 killed as parachute fails to open during aid drop in Gaza) ।
আল জাজিৰা সংবাদ সংস্থাই জানিবলৈ দিয়া অনুসৰি, গাজা চহৰৰ শ্বাটি শৰণাৰ্থী শিবিৰৰ উত্তৰ দিশত খাদ্যৰ বাবে শাৰী পাতিকৈ ৰৈ আছিল সাধাৰণ নাগৰিক ৷ মানৱীয় এয়াৰড্ৰ’পৰ পেৰাচুট খোলাত ব্যৰ্থ হোৱাৰ পিছত এটা পেলেট খুলি পৰাত খাদ্যৰ অপেক্ষাত ৰৈ থকা পাঁচজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয় ।
শুকুৰবাৰে এই ঘটনাৰ পিছত গাজা চৰকাৰী সংবাদ মাধ্যমৰ কাৰ্যালয়ে আঘাতপ্ৰাপ্ত লোকৰ সংখ্যা স্বীকাৰ কৰি এয়াৰড্ৰ’পৰ জৰিয়তে খাদ্য যোগান ধৰা কাৰ্যক “মানৱীয় সেৱাৰ পৰিৱৰ্তে চমক প্ৰদান কৰিব বিচৰা অপপ্ৰচাৰ” বুলি অভিহিত কৰে আৰু স্থল সীমান্তৰ মাজেৰে কঢ়িয়াব পৰাকৈ খাদ্যৰ উপলব্ধতাৰ পোষকতা কৰে (Five killed, several injured as parachute fails to open during aid drop in Gaza)।
ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে যোৱা মাহত গাজাৰ কমেও ডেৰ লাখ বা গাজাৰ প্ৰতি চাৰিজন লোকৰ ভিতৰত এজন দুৰ্ভিক্ষৰ সন্মুখীন হ’ব বুলি আশংকা প্ৰকাশ কৰিছে । এলেকাটোত দুৰ্ভিক্ষৰ সৃষ্টি হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয় । আল জাজিৰাৰ বাতৰি অনুসৰি গাজাত ৰাষ্ট্ৰসংঘৰ মূল সংগঠন ইউএনআৰডব্লিউএই দাবী কৰিছে যে ২৩ জানুৱাৰীৰ পৰা ইজৰাইল কৰ্তৃপক্ষই তেওঁলোকক ষ্ট্ৰিপৰ উত্তৰ অংশলৈ সামগ্ৰী পৰিবহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ।