জামুগুৰিহাটত ৩ কেজি গাঞ্জাসহ ৫ জন গাঞ্জা সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ১৭ মাৰ্চ : ৰাজ্যত অব্যাহত নিচাযুক্ত তথা মাদক দ্ৰব্যৰ বিৰুদ্ধে ব্যাপক অভিযান । এই সময়তে চতিয়াতো চতিয়া আৰক্ষীয়ে চলিছে ব্যাপক অভিযান । আৰক্ষীয়ে বিগত দুটা দিনত পাঁচজনকৈ গাঞ্জা ব্যৱসায়ীক গাঞ্জাসহ আটক কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে, প্ৰায় ৩ কেজি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে চতিয়া আৰক্ষীয়ে। চতিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামলজ্যোতি শইকীয়া নেতৃত্বত অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

ইতিমধ্যে, ৫ জন গাঞ্জা ব্যৱসায়ীক আটক কৰে আৰক্ষীয়ে । সৰবৰাহকাৰী কেইজন ক্ৰমে ইয়াকুব হুছেইন, পুতুল দুৱৰা, নেকিব আহমেদ, মৃদুল চমুৱা আৰু পিলো ভূমিজ। বৰ্তমান গাঞ্জা ব্যৱসায়ী কেইজনক চতিয়া আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।
চতিয়া আৰক্ষীৰ এই সফলতাই অঞ্চলটোৰ সচেতন মহলক যথেষ্ট উৎফুল্লিত কৰি তুলিছে।