Local, Vocal, Global

Madhya Pradesh Road Accident : বৰযাত্ৰী কঢ়িওৱা বাহনক মহতিয়াই নিলে ডাম্পাৰে;নিহত ৬জন, আহত ১১জন

নেশ্যনেল ডেস্ক, ১২ মাৰ্চ : এক মৰ্মান্তিক দুৰ্ঘটনা । থিতাতে নিহত ৬জনকৈ লোক, আহত ১১জন(Madhya Pradesh Road Accident ) ।

মধ্যপ্ৰদেশৰ ৰাইজেন জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । সোমবাৰে মধ্যপ্ৰদেশৰ ৰাইজেন জিলাত বৰযাত্ৰী কঢ়িওৱা বাহনক মহতিয়াই নিলে ডাম্পাৰে । ডাম্পাৰ খুন্দাত থিতাতে নিহত হয় ৬জনকৈ লোক , আৰু আহত হয় ১১ জন ।

জানিব পৰা মতে, বৰযাত্ৰী কঢ়িওৱা অনা বাহনখন হোছাংগাবাদ জিলাৰ আঞ্চলখেডাৰ পৰা আহি আছিল । সেই সময়তে ৪৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ঘাট খামৰীয়া অঞ্চলত সংঘটিত হয় দুৰ্ঘটনাটো ।

আৰক্ষীয়ে জনোৱা অনুসৰি, এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ আহত লোকসকলক উদ্ধাৰ কৰি চুলতানপুৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । চুলতানপুৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় যদিও আহত লোকসকলৰ অৱস্থা সংকটজনক হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান (এইমছ) ভূপাললৈ প্ৰেৰণ কৰে(5 dead as dumper truck rams marriage procession in Madhya Pradesh)।

ইফালে এই দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে জিলা উপায়ুক্ত অৰবিন্দ কুমাৰ ডুবে আৰু আৰক্ষী অধীক্ষক বিকাশ কুমাৰ ছেহৱালে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি সন্দৰ্ভত সোধা-পোছা কৰে।

আৰক্ষী অধীক্ষক ছেহৱালে কয় যে আহত এজনৰ অৱস্থা সংকটজনক, আনহাতে ডাম্পাৰ ট্ৰাকখনৰ চালকজনে দুৰ্ঘটনাৰ পিছতে পলায়ন কৰে।

ইফালে, জিলা উপায়ুক্তগৰাকীয়ে পিটিআই সংবাদ সংস্থাক জনোৱা মতে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ভুক্তভোগীৰ ওচৰ-চুবুৰীয়াক ৪ লাখ টকাৰ ক্ষতিপূৰণ, আৰু আহত লোকসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে(5 dead as dumper truck rams marriage procession in Madhya Pradesh)।

লগতে পঢ়ক : Female DJ Missing For Past 3 Months : ৩ মাহ ধৰি সন্ধানহীন গুৱাহাটীৰ সুন্দৰী DJ ডিয়নী