Local, Vocal, Global

Uttar Pradesh accident:যাত্ৰীবাহী বাছৰ প্ৰচণ্ড খুন্দা ট্ৰাকত;নিহত ৫জন,আহত ১৫জন

নেশ্যনেল ডেস্ক,২১নৱেম্বৰ : এক শোকাৱহ দুৰ্ঘটনা।যাত্ৰীবাহী বাছৰ প্ৰচণ্ড খুন্দা ট্ৰাকত। ফলত থিতাতে নিহত ৫জন।আহত ১৫জনকৈ অধিত যাত্ৰী।

উত্তৰ প্ৰদেশৰ আলিগড়ত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাটো(Uttar Pradesh accident)।

জানিব পৰা মতে বুধবাৰে গভীৰ নিশা সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো। অযোধ্যাৰ কৃষ্ণ ট্ৰেভেলছৰ এখন ডাবল ডেকাৰ প্ৰাইভেট বাছ দিল্লীৰ পৰা মাউলৈ গৈ থকা অৱস্থাত আলিগড়ৰ সমীপৰ ৫৬ নম্বৰ যমুনা এক্সপ্ৰেছৱে’ত বিয়েৰ ভৰ্তি এখন ট্ৰাকত প্ৰচণ্ড খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাছখনৰ আগৰ অংশ সম্পূৰ্ণৰূপে ভাঙি যায়।

ফলত থিতাতে ৫ জন নিহত হয় নিহতসকলৰ ভিতৰত এটি ৫ মহীয়া শিশু, এগৰাকী মহিলা আৰু ৩ জন পুৰুষ। মৃতসকলৰ ৩ জনৰ চিনাক্ত আৰক্ষীয়ে কৰিছে যদিও এতিয়াও ৩ জন চিনাক্ত হোৱা নাই। আনহাতে ভয়ংকৰ পথ দুৰ্ঘটনাটোত ৫ জনতকৈ অধিক লোক আহত হয়। আহতসকলৰ ভিতৰত আছে ১১ মহীয়া এটা শিশু, এটি কিশোৰী, ৫ বছৰীয়া, ৩ মহিলা আৰু ৯গৰাকী পুৰুষ(5 dead, 15 injured in truck-bus collision in Aligarh)।

এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত আৰু ততাতৈয়াকৈ আহতসকলক খিড়িকী ভাঙি উদ্ধাৰ কৰে আৰু হাস্পাতাললৈ প্ৰেৰণ কৰে । আহত আটাইকেইজন আৰক্ষীয়ে জেৱাৰৰ কৈলাশ হাস্পতালত ভৰ্তি কৰাই।

আনহাতে মৃত লোকজনৰ মৃতদেহ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

লগতে পঢ়ক :হাইলাকান্দি আৰক্ষীৰ জিম্মাৰ পৰা বাংলাদেশীৰ পলায়ন