5 crushed to death by dumper truck in Rajasthan : ডাম্পাৰেৰে খুন্দিয়াই হত্যা ৫জনকৈ লোকক

নেশ্যনেল ডেস্ক,২৪ মাৰ্চ : দুই ফৈদৰ মাজত সংঘৰ্ষ । সংঘৰ্ষত নিহত ৫জনকৈ লোক ।
ৰাজস্থানৰ ঝালাৱাৰ জিলাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । ৰাজস্থানৰ পাগাৰিয়া আৰক্ষী থানাৰ অন্তৰ্গত বিনিয়াগা গাঁৱত দুই ফৈদৰ মাজত হোৱা সংঘাতে ল’লে ভয়ংকৰ পৰিণাম।
জানিব পৰা মতে,দুই ফৈদৰ মাজত হোৱা সংঘাতৰ বাবে এজন লোকে ডাম্পাৰেৰে খুন্দিয়াই হত্যা কৰে কেইবাজনক । ঘটনাটোত নিহত লোককেইজনৰ ভিতৰত দুই ভাতৃও আছিল । এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিলে অভিযুক্তই পলায়ন কৰে ঘটনাস্থলীৰ পৰা(5 crushed to death by dumper truck in Rajasthan) ।
আৰক্ষী বিষয়াই জনোৱা অনুসৰি, পাৰস্পৰিক বিবাদৰ পিচত ৫ জন লোকে অভিযোগ দাখিল কৰিবলৈ পাগাৰিয়া আৰক্ষী থানালৈ ৰাওনা হৈছিল । সেই সময়তে একাংশ লোকৰ প্ৰৰোচনাত লোককেইজনক ডাম্পাৰে মহতিয়াই থৈ যায়(5 crushed to death by dumper truck in Rajasthan) ।
এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃত লোককেইজনক সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মৰ্গলৈ প্ৰেৰণ কৰে ।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । ইফালে অভিযুক্তই এই ভয়ংকৰ ঘটনা সংঘটিত কৰি ৰাজ্যখনৰ সীমান্তৰে পলায়ন কৰিছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ।
আৰক্ষীয়ে লাভ কৰা তথ্যৰ ভিত্তিত মধ্য প্ৰদেশলৈ কেইবাটাও আৰক্ষীৰ দল প্ৰেৰণ কৰে ।
ঘটনাটোৰ পিচত অঞ্চলটোত যথেষ্ট সংখ্যক আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে ।
লগতে পঢ়ক : Woman Falls To Death Off Eighth Floor Of Guwahati High Rise : গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা