Afghanistan Flood: আফগানিস্তানত ভয়ংকৰ বান; মৃত্যু ৪৭ জনৰ,আহত ৫৭ জন
ইন্টাৰনেশ্যনেল ডেস্ক, ২৮জুলাই : আফগানিস্তান প্ৰবল বান (Afghanistan Flood) । আফগানিস্তানৰ কেইবাখনো প্ৰদেশত কৃত্ৰিম বানে লৈছে ভয়ংকৰ ৰূপ ৷ আফগানিস্তানৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জনায় যে, বিগত সপ্তাহত দেশখনত সংঘটিত হোৱা কৃত্ৰিম বানৰ ফলত ৪৭ জন লোকৰ মৃত্যু হোৱাৰ উপৰিও ৫৭ জন লোক আহত হৈছে বুলি(47 died 57 injured in floods in Afghanistan) ৷
প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা জালৰেজ জিলাত বানৰ ফলত ২৩ গৰাকী আহত হোৱাৰ উপৰিও ৩২ জন লোকৰ মৃত্যু ঘটে বুলি জানিবলৈ দিয়ে প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ প্ৰাদেশিক সঞ্চালক ফৈজুল্লা জালালি ষ্টানিকজাইয়ে(47 died 57 injured in flash floods in 11 provinces of Afghanistan) ৷
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, এই ভয়ংকৰ বানৰ ফলত যথেষ্ট ক্ষতি সাধন হয় লগতে প্ৰায় স্তব্ধ হৈ পৰে জনজীৱন । এই ভয়ংকৰ বানৰ ফলত মানুহৰ মৃত্যুৰ উপৰিও প্ৰায় পাচঁশৰো অধিক আৱাসিক ঘৰ আৰু কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন ঘটে ।
জানিব পৰা মতে, মঙলবাৰে দেশখনৰ পাৰৱান প্ৰদেশত হোৱা কৃত্ৰিম বানৰ ফলত কমেও ৯ জন লোকৰ মৃত্যু হয় আৰু আন ৭ জন লোক আহত হয় ।ইফালে যোৱা সপ্তাহত আফগানিস্তানত হোৱা বানত ৩১ জন লোক নিহত হোৱাৰ উফৰিও ৭৪ জন আহত আৰু ৪১ জন লোক নিৰুদ্দেশ হোৱা বুলি স্থানীয় এক সংবাদ মাধ্যমযোগে জানিবলৈ পৰা গৈছে ।
লগতে এই বানত ফলত ২৫০ টা পশুধনৰ মৃত্যু ঘটে ৷ বানপানীৰ ফলত ৬০০ ৰো অধিক ঘৰ আৰু মাটি ক্ষতিগ্ৰস্ত হৈছে বুলি জানিব পৰা গৈছে । তালিবান নেতৃত্বাধীন মৈদান ৱাৰ্ডক প্ৰাকৃতিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মুৰব্বী ফৈজুল্লা জালালিয়ে কয় যে, শনিবাৰে প্ৰদেশখনৰ কেইবাখনো জিলাত হোৱা বানত কমেও ৩০ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৫ জন লোক আহত হৈছে ।
তেওঁ লগতে কয় যে, আহত লোকসকলক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে ।ইয়াৰ উপৰিও তেওঁ কয়, ‘‘এতিয়ালৈকে আমি ৩০ টাতকৈও অধিক মৃতদেহ পাইছো আৰু বহুকেইজন নিৰুদ্দেশ হৈছে (Afghanistan Flood) । আহত ১৫ জন লোক চিকিৎসাধীন অৱস্থাত আছে ।” বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকসকলক আশ্ৰয় আৰু অন্যান্য মৌলিক প্ৰয়োজনীয়তাসমূহ প্ৰদান কৰিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক : Karnataka flood: কৰ্ণাটকত বানৰ ভয়ংকৰ ৰূপ, নিহত ৩৮, আহত কেইবাগৰাকীকৈ লোক