Local, Vocal, Global

44 crore cash and 288 crore worth of items have been seized : কৰ্ণাটকত জব্দ বৃহৎ পৰিমাণৰ নগদ ধনসহ ২৮৮ কোটি টকাৰ সামগ্ৰী

নেশ্যনেল ডেস্ক,৯ এপ্ৰিল : সোমবাৰে বেংগালুৰুত তদন্তকাৰী দলে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন ৷ সোমবাৰে তদন্তকাৰী দলে মুঠ ২.৬৮ কোটি টকা নগদ ধন, ৭.০৬ কোটি টকাৰ তিনি কেজি

নেশ্যনেল ডেস্ক,৯ এপ্ৰিল : সোমবাৰে বেংগালুৰুত তদন্তকাৰী দলে জব্দ কৰে বৃহৎ পৰিমাণৰ নগদ ধন ৷ সোমবাৰে তদন্তকাৰী দলে মুঠ ২.৬৮ কোটি টকা নগদ ধন, ৭.০৬ কোটি টকাৰ তিনি কেজি সোণৰ গহনা, ৬৮ কেজি ৰূপ আৰু ১০৩ কেজি পুৰণি ৰূপ জব্দ কৰে(44 crore cash and 288 crore worth of items have been seized in karnataka) ।

লোকসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পাচত আচৰণ বিধি কাৰ্যকৰী হোৱাৰ পিছত এতিয়ালৈকে নগদ ৪৪.০৯ কোটি টকাকে ধৰি ২৮৮ কোটি টকাৰ সামগ্ৰী জব্দ কৰা হৈছে । ইয়াৰ ভিতৰত আছে ১৩৪ কোটি টকাৰ ১.৩৯ কোটি লিটাৰ সুৰা, ৯.৫৪ কোটি টকাৰ ৩৩৯ কেজি ড্ৰাগছ, ১০.৫৬ কোটি টকাৰ ১৯ কেজি সোণ আৰু ৬৯.২৩ লাখ টকাৰ ২৩০ কেজি ৰূপ ।

শেহতীয়াকৈ বেলাৰী লোকসভা সমষ্টিত ৩ কেজি সোণ, ৬৮ কেজি ৰূপ, ১০৩ কেজি পুৰণি ৰূপ, ৫.৬০ লাখ নগদ ধনৰ লগতে মুঠ ৭.০৬ কোটি টকাৰ নগদ ধন জব্দ কৰা হৈছে । তদন্তকাৰী দলে জনোৱা মতে, বেংগালুৰু উত্তৰ সমষ্টিত ১০ লাখ টকা মূল্যৰ ১৪১১ টা ফেনৰ সামগ্ৰী জব্দ কৰাৰ লগতে বেংগালুৰু কেন্দ্ৰীয় সমষ্টিত নগদ ২.৬২ কোটি নগদ ধন জব্দ কৰা হৈছে ।

লগতে পঢ়ক : Eight Nepalese citizens killed in Nainital road accident : নিয়ন্ত্ৰণ হেৰুৱাই শ্ৰমিক কঢ়িয়াই নিয়া বাহন সোমাল দ খাৱৈত;নিহত ৮গৰাকী, আহত ২গৰাকী